তুমি আনৰ হোৱা বহুদিনেই হ'ল
তুমি আনৰ হোৱা বহুদিনেই হ'ল
মই পিছে এতিয়াও তোমাকেই ভালপাওঁ
ভাল পাওঁ বুলিয়েই
কোনোদিনে হস্তক্ষেপ কৰা নাই
তোমাৰ নতুন জীৱনটোত
তোমাৰ নতুন জীৱনটোত নহয়
জীৱনৰ নতুন অধ্যায়টোত
আমাৰ দেখোন জীৱন একেটাই
আৰম্ভ হৈছিল জন্মৰ দিনাই......
মই লিখিব খোজা
আজীৱন পঢ়িব খোজা,
কেতিয়াও পাহৰিব নোখোজা
মোৰ জীৱনৰ আটাইতকৈ প্ৰিয়
অধ্যায়টোৱেই তুমি ..........

Hrishikesh Ray
তোমাৰ ঢৌ খেলা চুলিত
পূৱাৰ ৰ'দালিও সাঁথৰ হৈ পৰে,
আন্ধাৰৰ মাজতো তোমাৰ নামৰ
আশাৰ চিলা উৰে .......
তোমাক আমনি কৰিবলৈ নাযাও কেতিয়াও
মনৰ সপোনবোৰ দেখোন
সাৰে আছে এতিয়াও.......
তুমি আনৰ হোৱা বহুদিনেই হ'ল
সেইবুলিয়েই পাহৰিব পৰা নাই
আচলতে তোমাক পাহৰিবলৈ
অপচেষ্টাও মই কৰা নাই......
কৰিমেই বা কিয় ?
তুমি আনৰ হোৱা বহুদিনেই হ'ল
লগৰীয়া কিছুমানে উপদেশ দিয়ে
তোমাক পাহৰিবলৈ
হাঁহি উঠে মোৰ উপদেশবোৰ শুনিলে

Hrishikesh Ray
বহুতে বুজাবলৈ আহে
পাহৰিব কয় তোমাক,
মোৰ বুকুত তোমাৰ ঠাইত
আন কোনোবাক ঠাই দিবলৈ কয়,
মই উত্তৰ দিও
দুখীয়া বাবেই জানো
জন্মৰ প্ৰমাণপত্ৰ খনৰ পৰা
দেউতাৰ নাম আতঁৰাব পাৰি......

Hrishikesh Ray
চিনাকী বহুতে কয় তোমাৰ কথা
তুমি এতিয়া দেখিবলৈ বেলেগ হলা
বয়সৰ চাপ পৰিছে তোমাৰ গাত
শুনি শুনি মই মাথোঁ
মিচিকিয়াই হাঁহো.........
মোক জীয়াৱলৈ তোমাৰ নামৰ শক্তিহে লাগে
প্ৰতিপলে মোক তোমাৰ নামে
যোগান ধৰে উশাহ........
মোৰ প্ৰাণ চলোৱা উশাহ যে তুমি
সেই কথা কোনে বুজিব ?

Hrishikesh Ray
আতঁৰি যায় বুজোৱা মানুহবোৰ......
শুনা পাওঁ সমাজৰ বহুতে
আলোচনা কৰে মোৰ কথা,
বহুতে আখ্যা দিয়ে
মই হেনো পাগল প্ৰেমিক...........
শুনিলে ভালেই লাগে মনটো
সিহঁতক পিছে কোনে বুজাব ?
চিকিৎসা বিজ্ঞানৰ ভাষাত দেখোন
পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই
একো একোজন মানসিক ৰোগী.......
শুনিলে ভালেই লাগে মনটো
মোৰ কথাও যে কাৰোবাৰ
আলোচনাৰ বিষয় ............
তুমি আনৰ হোৱা বহুদিনেই হ'ল........
Hrishikesh Ray