Type Here to Get Search Results !

How was the moon born? Is there water on the moon? Who has gone to the moon till date? চন্দ্ৰৰ জন্ম কেনেকৈ হৈছিল? চন্দ্ৰত পানী আছে নে? চন্দ্ৰলৈ আজিলৈকে কোন কোন মানুহ গৈছে?




চন্দ্ৰৰ জন্ম কেনেকৈ হৈছিল?
চন্দ্ৰত পানী আছে নে?
চন্দ্ৰলৈ আজিলৈকে কোন কোন মানুহ গৈছে?

চন্দ্ৰত যদি বায়ু নাই তেন্তে NASA ৰ এপল'-১১ মহাকাশ যানে চন্দ্ৰত পুতি থৈ অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাখন উৰি আছিল কিয়?
ভাৰতৰ চন্দ্ৰযান-১ আৰু চন্দ্ৰযান-২ ৰ বিশেষত্ব কি আছিল?
আমি অহা কেইটামান খণ্ডত চন্দ্ৰৰ বিষয়ে সকলো জানিম।
'জোনবাইৰ দেশতে
সাজিম ঘৰ এখনি,
তৰাই জ্বলাব চাকি...'
আমি ৰাতিৰ আকাশত দেখা সকলোতকৈ উজ্জ্বল বস্তুটোৱেই হৈছে চন্দ্ৰ যাক আমি জোনবাই, চন্দ্ৰ মামা আদি বুলিও মাতো। সৰুৰে পৰা এই জোনবাইক লৈ আমি বহুত কাহিনী শুনি ডাঙৰ হৈয়ে, জোনবাইৰ ওপৰত কেইবাটাও জনপ্ৰিয় অসমীয়া গীত আছে, জোনবাইক আমি মামা বুলিও মাতো। ৰাতিৰ আকাশত জোনবাইক চালে জোনবাইয়ে আমালৈ চাই হাঁহি থকাৰ দৰে লাগে। আকৌ তাত তুলসী গছ এজোপা থকাৰ দৰে লাগে। জোনবাই যেন আমাৰ অতি নিজৰ! জোনবাইক লৈ আমাৰ বহুত আৱেগ জড়িত হৈ আছে।
এই জোনবাই আচলতে কি আৰু জোনবাইৰ জন্ম কেনেকৈ হ'ল! জোনবাই বা চন্দ্ৰ হ'ল পৃথিৱীৰ এটা প্ৰাকৃতিক উপগ্ৰহ। ই পৃথিৱীৰ চাৰিওফালে এক নিদিষ্ট কক্ষপথত ঘূৰি আছে। পৃথিৱীৰ চাৰিওফালে চন্দ্ৰক এপাক ঘূৰিবলৈ প্ৰায় ২৮ দিন সময় লাগে। ই পৃথিৱীৰ পৰা ৩ লাখ ৮৪ হাজাৰ কিলোমিটাৰ দূৰত আছে। চন্দ্ৰ সৌৰজগতৰ পঞ্চমটো ডাঙৰ উপগ্ৰহ। চন্দ্ৰৰ ব্যাস ৩,৪৭৪ কিলোমিটাৰ মাত্ৰ। সৌৰজগতৰ সকলোতকৈ ডাঙৰ উপগ্ৰহটো হৈছে Ganymede. ই বৃহস্পতি গ্ৰহৰ উপগ্ৰহ আৰু ইয়াৰ ব্যাস ৫,২৬৮ কিলোমিটাৰ।
চন্দ্ৰৰ জন্ম পৃথিৱীৰ পৰায়ে হৈছিল। প্ৰায় ৪৫০ কোটি বছৰৰ পূৰ্বে মংগল গ্ৰহৰ সমান 'থেইয়া' (Theia) নামৰ এটা গ্ৰহে পৃথিৱীক খুন্দা মাৰিছিল আৰু পৃথিৱীৰ এটা ভাগ খণ্ড বিখণ্ড হৈ মহাকাশত বিয়পি পৰিছিল। তাৰে বহু খণ্ড দূৰলৈ গুচি গৈছিল আৰু কিছুমান খণ্ড পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰিছিল। মাধ্যাকৰ্ষণ শক্তিৰ ফলতেই সেই খণ্ডবোৰ লগ হৈ হৈ চন্দ্ৰৰ নিৰ্মাণ হৈছিল। পাছত চন্দ্ৰ ঠাণ্ডা হৈ হৈ আজিৰ ৰূপ পাইছে। যদিও আমি চন্দ্ৰ ঘূৰণীয়া দেখোঁ চন্দ্ৰ আচলতে ডিম্বাকাৰহে। এইয়া আছিল চন্দ্ৰৰ জন্ম কাহিনী।
চন্দ্ৰত দিনৰ ভাগত উষ্ণতা ১২০ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাই আৰু ৰাতি মাইনাচ (-) ১৩০ ডিগ্ৰী চেলচিয়াছলৈ কমি যায়। চন্দ্ৰত যিহেতু বায়ুমণ্ডল নাই সেইবাবে দিনত হোৱা উষ্ণতা ৰাতিলৈকে চন্দ্ৰয়ে ধৰি ৰাখিব নোৱাৰে। আৰু বায়ুমণ্ডল নাই বাবেই দিনত ইমান উষ্ণতা হয়।
যদিও আমি কওঁ, গান গাঁও চন্দ্ৰত ঘৰ সাজিম কিন্তু চন্দ্ৰত ঘৰ সজা ইমান সহজ নহয়। চন্দ্ৰত আমি সাধাৰণ ভাবে জীয়াই থাকিব নোৱাৰো কাৰণ প্ৰথমে ১০০ ডিগ্ৰীত পানী উতলে। না আমি চন্দ্ৰৰ দিনৰ ১২০ ডিগ্ৰী সহিব পাৰিম না ৰাতিৰ মাইনাচ (-) ১৩০ ডিগ্ৰী সহিব পাৰিম। আমাৰ পৃথিৱীত সৰ্বনিম্ন উষ্ণতা মাইনাচ (-) ৮৯ ডিগ্ৰী লৈকেহে নামে। দ্বিতীয়তে তাত বায়ু নাই, অক্সিজেন নাই সেইবাবে আমি উশাহ লব নোৱাৰিম।
মই প্ৰায়য়ে দেখোঁ কিছুমান আগশাৰী বাতৰি কাকত, নিউজ চেনেলত দিয়ে, মানুহেও কয় যে এটা সময়ত আমি চন্দ্ৰত মাটি কিনিব পাৰিম। অক্সিজেন আদি সকলো সুবিধা লৈ কোটি টকীয়া Space Suit পিন্ধি মানুহে চন্দ্ৰত সৰ্বাধিক ৭৫ ঘন্টা চন্দ্ৰত থাকিব পাৰিছে। আমি এতিয়া পিন্ধা কাপোৰ, জিনছ-চোলা, চানগ্লাছ পিন্ধি ফ্লাইটত যোৱাদি চন্দ্ৰলৈ গৈ তাত আৰামত ঘূৰি পিকনিক খাব নোৱাৰো। বৰ্তমান এইবোৰ অসম্ভৱ কথা। আৰু ভৱিষ্যতেওঁ যে আমি মানুহে এনেকৈ সাধাৰণ ভাৱে চন্দ্ৰলৈ যাব পাৰিম, তাত থাকিব পাৰিম মোৰ মনে নধৰে। এইবোৰ কথা সদায় গান আৰু সাধুতে থাকিব।
বাৰু এতিয়া আহো মানুহে চন্দ্ৰলৈ সৰ্বপ্ৰথম কি পঠাইছিল! চন্দ্ৰক আৰু বহুত বেছি অধ্যয়ন কৰিবলৈ মহাকাশ যান পঠাবলৈ মানুহে বহুত আগৰ পৰা চিন্তা চৰ্চা কৰি আছিল। চন্দ্ৰলৈ প্ৰথম মহাকাশ যান পঠোৱাৰ প্ৰচেষ্টা কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰয়ে ১৭ আগষ্ট ১৯৫৮ চনত আৰু সেই মহাকাশ যান খনৰ নাম আছিল Pioneer- 0. তাৰ পাছত আমেৰিকা আৰু ৰাছিয়ায়ে বেলেগে বেলেগে ১৮ জুন ১৯৫৯ লৈকে ১০ খন মহাকাশ যান পঠোৱাৰ চেষ্টা কৰিলে কিন্তু প্ৰত্যেক বাৰে কিবা নহয় কিবা কাৰণত বিফল হ'ল। তাৰ পাছত ১২ ছেপ্টেম্বৰ ১৯৫৯ ৰাছিয়ায়ে লাগি লাগি Luna- 2 নামৰ মহাকাশ যানখন চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিবলৈ সক্ষম হ'ল। সেইবাবে Luna- 2 হ'ল মানুহে পঠোৱা প্ৰথম মহাকাশ যান যি চন্দ্ৰৰ পৃষ্ঠত নামিবলৈ সক্ষম হৈছিল।
এই মহাকাশ যানবোৰৰ যোগেদি চন্দ্ৰৰ বিষয়ে বহুত অধ্যয়ন কৰাৰ পাছত বৈজ্ঞানিকে সিদ্ধান্ত কৰিলে এইবাৰ মানুহক পঠাব লাগিব চন্দ্ৰলৈ। আৰু কথা মতেই পৰিকল্পনা আৰম্ভ হ'ল। আমাৰ সাধু কথাৰ জোনবাই দেশলৈ যাবলৈ তিনিজন মানুহ সাজু কৰিলে। আৰু তেওঁলোক আছিল Frank Borman (অসমৰ নলবাৰীৰ বৰ্মন উপাধিৰ বৰ্মন নহয় দেই এইজন), James Lovell আৰু William Ander.
কিবা খেলিমেলি লাগিছে নহয় জানো আপুনি ভাবিছিল মই নীল আমষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইনএলড্ৰিনৰ কথা ক'ম। এওঁলোকৰ বিষয়েও কম তাৰ আগতে ওপৰত লিখা তিনিজনৰ বিষয়ে কৈ লওঁ।
Frank Borman, James Lovell আৰু William Ander নামৰ তিনিজন মহাকাশচাৰী যোৱা মহাকাশ যানখনৰ নাম আছিল Apollo- 8. ১৯৬৮ চনৰ ২১ ডিচেম্বৰত Apollo- 8 ত এই তিনিজন মহাকাশচাৰী চন্দ্ৰ ফালে উৰা মাৰিছিল আৰু চন্দ্ৰৰ কক্ষপথত সফলতাৰে উপস্থিত হৈ চন্দ্ৰৰ চাৰিওফালে ১০ বাৰ ঘূৰি চন্দ্ৰক নিজ চকুৰে পৰ্যবেক্ষণ কৰি, তাৰ পৰা পৃথিৱীৰ ফটো লৈ পৃথিৱীলৈ ঘূৰি আহিছিল।
পঠাও বুলিয়ে অচিন ঠাই এখনলৈ মানুহ পঠিয়াই দিব নোৱাৰে। তাৰ আগতে বহুত পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন। নীল আমষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন এলড্ৰিনক চন্দ্ৰলৈ যোৱাৰ আগত আকৌ এবাৰ পৰীক্ষামূলক ভাৱে তিনিজন মহাকাশচাৰীক চন্দ্ৰক অধ্যয়ন কৰিবলৈ পঠালে যাক কোৱা হৈছিল Dress Rehearsal. যেনেকৈ আমাৰ ভাওনা হোৱাৰ আগদিনা আখৰা হয় তেনেকৈ তেওঁলোকৰ সেইয়া আছিল ভাওনাৰ আগদিনাৰ আখৰা।
১৯৬৯ চনৰ ১৮ মে তাৰিখে চন্দ্ৰত মানুহ ভৰি দিয়াৰ আগতে Dress Rehearsal ৰ বাবে Apollo- 10 মহাকাশ যানখনত আৰু তিনিজন মহাকাশচাৰী চন্দ্ৰৰ কক্ষপথলৈ পঠালে। তেওঁলোক আছিল John Young, Thomas Stafford আৰু Gene Cernan.
তাৰ পাছতেই সেই বিশেষ দিন আহিল যিদিনা মানুহে প্ৰথম পৃথিৱীৰ বাদে বেলেগ গ্ৰহ বা উপগ্ৰহত ভৰি দিব। সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত ১৬ জুলাই ১৯৬৯ চনত Apollo- 11 মহাকাশ যানত তিনিজন মহাকাশচাৰী জোনবাই দেশলৈ বুলি ৰাওনা হ'ল আৰু সেই তিনিজন মহাকাশচাৰীয়ে আছিল নীল আমষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন এলড্ৰিন। নীল আমষ্ট্ৰং আছিল প্ৰথম মানুহ আৰু মহাকাশচাৰী যি চন্দ্ৰৰ পৃষ্ঠত ভৰি দিছিল। নীল আমষ্ট্ৰং মহাকাশ যানখনৰ পৰা নমাৰ ১৭ মিনিট পাছত এডুইন এলড্ৰিন চন্দ্ৰৰ পৃষ্ঠত নামিল।।তেওঁলোকে প্ৰায় ২ ঘন্টা ১৫ মিনিট মহাকাশ যানখনৰ পৰা বাহিৰত থাকি চন্দ্ৰৰ পৃষ্ঠত কটাই আৰু ২১.৫ কেজি চন্দ্ৰৰ বিভিন্ন মাটি, শিল গোটাই পৃথিৱীলৈ লৈ আহে। কলোম্বিয়া নামৰ মহাকাশ যানখন যিখন চন্দ্ৰৰ কক্ষপথত এই দুজন মহাকাশচাৰীক নিবলৈ ৰৈ আছিল তাত আছিল মাইকেল কলিন্স। এডুইন এলড্ৰিন আৰু নীল আমষ্ট্ৰংয়ে য়ে মুঠ ২১ ঘন্টা ৩৬ মিনিট চন্দ্ৰত থাকে আৰু আৰু তাৰ পাছত কলোম্বিয়াত সংযোগ হৈ পৃথিৱীলৈ ঘূৰি আহে। তেতিয়ায়ে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন পতাকা চন্দ্ৰ পৃষ্ঠত পুতি আহে যিখন বহুতে মিছা বুলি কয়। সেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাখন সঁচাকৈয়ে মিছা আছিল নে তাৰ পাছত চন্দ্ৰত কি কি হ'ল, ভাৰতৰ কোনোবা আজিলৈকে জোনবাই দেশলৈ গৈছে নে
coming soon...........
)
(বিনা অনুমতিত শ্বেয়াৰ কৰিব পাৰে।