মই প্ৰতিবাদ কৰিব নোৱাৰিলো
#প্ৰহ্লাদ জ্যোতি বৰা
ভন্তী , মোৰ মৃত্যুৰ পাছত তই মোৰ লৰা-ছোৱালীকেইটাৰ দায়িত্ব লব লাগিব। তই পাৰিবিনে?
তোৰ লৰা- ছোৱালী কেইটা মোৰ বুকুৰ আপোন। তই নাভাৱিবি যে তোৰ লৰা ছোৱালীকেইটাক মই মৰম নকৰিম।
মোৰ মৃত্যুৰ সময় ওচৰ চাপিছে। কেইমিনিট মানৰ পাছত মোৰ মৃত্যু হ'ব। লৰা-ছোৱালী কেইটালৈহে বৰ বেয়া লাগিছে। সিহঁতে মোৰ মৃত্যুৰ পাছত কাক মা বুলি মাতিব?
বাইদেউ, তই তেনেবোৰ কথা নকবি। তই সন্তুানকেইটাৰ বাবে জীয়াই থাকিব লাগিব।
মই জীয়াই নাথাকো ভন্তী। তোক মই বাৰে বাৰে কৈছো মোৰ লৰা- ছোৱালী দুটাক ভালদৰে চোৱা চিতা কৰিবি।
বাইদেউয়ে নিজৰ লৰা -ছোৱালী দুটা মোৰ হাতত গটাই থৈ চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা গুছি গ'ল। আজি মই অবিবাহিত নাৰী তথাপিওঁ বাইদেউৰ সন্তান দুটাক মৰমেৰে লালন পালন কৰি আছো ।
বাইদেউৰ মৃত্যু হোৱা আজি দুমাহত ভৰি দিছে। ভিনদেউয়ে নতুনকৈ এজনী বিয়া পতাৰ কথা চিন্তা কৰিছে। ভিনদেউক মাকে সদায় কয়
এজনী মৰিল বুলিয়েই আন এজনী বিয়া নাপাতিবি নে?
মই মোৰ পত্নীৰ স্মৃতিবোৰ কেতিয়াও পাহৰিব নোৱাৰো মা।
অতীতক পাহৰি যা। নতুনকৈ সংসাৰ কৰ। পুৰুষ সদায় নতুন হৈয়ে থাকে। সেয়েহে দ্বিতীয় বিবাহৰ কথা চিন্তা কৰ।
ভিনদেউয়ে মাকৰ কথামতে দ্বিতীয় বিবাহত সন্মতি দিছে। সেয়েহে ভিনদেউয়ে আমাৰ ঘৰলৈ আহি মোক কলে
বাইদেউৰ মৃত্যুৰ পাছত তুমিয়েই আমাৰ লৰা- ছোৱালী কেইটা লালন -পালন কৰি আছা।
এয়া মোৰ কৰ্তব্য ভিনদেউ।
মায়ে মোৰ আৰু লৰা-ছোৱালী দুটাৰ সুখৰ বাবে পুনৰ বিয়া কৰাব কৈছে।সেয়েহে মই ছোৱালী এজনী চাইছো।
আপুনি ছোৱালী চাইছে? ক'ৰ ছোৱালী ? তাইৰ নাম কি?
তাইৰ নামটো মই সদায় শুনি আহিছো। সদায় তাইক চকুৰ আগতেই দেখা পাই থাকো। তাই মোৰ দ্বিতীয় পত্নী হব। মোৰ লৰা-ছোৱালী দুটাক তাইহে মাকৰ মৰম দিবলৈ পাৰিব।
কোন তাই ভিনদেউ?
ভিনদেউয়ে লাজ আৰু ভয়ে ভয়ে কলে
সেই নাৰীগৰাকী তুমি?
কি? অসম্ভৱ ভিনদেউ। এয়া কেতিয়াও হ'ব নোৱাৰে। মোৰ বাইদেউক কেতিয়াও ঠগিব নোৱাৰো। আপোনাৰ পত্নী মই কেতিয়াওঁ হবলৈ নোৱাৰিম। মোক বাইদেউয়ে কেতিয়াও ক্ষমা নকৰিব।
তেনে কথা নহয় সুৰভি। মই জানি বুজিহে এই সিদ্ধান্ত লৈছো। তোমাৰ অবিহনে মোৰ এই লৰা ছোৱালী দুটায়ে আন এগৰাকী নাৰীৰ পৰা মাকৰ মৰম হয়তো কেতিয়াও নাপাব ।সেয়েহে মই তোমাক মোৰ পত্নী কৰিবৰ বাবে ,,,।
মোক একো কথায়েই নকব ভিনদেউ। মই আপোনাৰ পত্নী হলে এই সমাজে হাঁহিব। স্বাৰ্থলোভি নাৰী বুলি সকলোৱে জোকাব। মই আপোনাৰ পত্নী হবলৈ নোৱাৰিম ভিনদেউ।
মই আন এগৰাকী নাৰীক পত্নী কৰি ললে তোমাৰ বাইদেউৰ লৰা- ছোৱালী দুটাক তাই কেতিয়াও মাকৰ মৰম নিদিব।
সেইটো সঁচা। কিন্তু?
মই হাতযোৰ কৰি কৈছো। অন্তত লৰা- ছোৱালী দুটাৰ মুখলৈ চাই তুমি মোৰ পত্নী হোৱা।
মই ভিনদেউৰ কথা পেলাব নোৱাৰিলো।মায়ে মোক ভিনদেউৰ লৈকে বিয়া হবলৈ কলে। মই কাৰো কথাত প্ৰতিবাদ কৰিব নোৱাৰিলো। নিজৰ স্বাধীনতাক হেৰুৱাই বাইদেউৰ লৰা- ছোৱালী দুটাক নিজৰ মাকৰ দৰে মৰম দিবলৈ মই বিয়াত সন্মতি দিলো।
আজি মই সুখী কাৰন মোৰ বাইদেউৰ সন্তান দুটাক মোৰ নিজৰ পেটৰ সন্তানৰ দৰেই লালন পালন কৰিছো। সিহঁতৰ হাঁহিত মোৰ বাইদেউক দেখা পাওঁ। বাইদেউ তই ভুল নুবুজিবি। তোৰ লৰা-ছোৱালী দুটাৰ সুখৰ বাবে মই বিয়াত বহিবলৈ বাধ্য হ'লো। প্ৰতিবাদ কৰাৰ সমতা মোৰ আছিল কিন্তু তই মৃত্যুৰ আগত কৈ যোৱা কথাবোৰৰ বাবে মই প্ৰতিবাদ কৰিব নোৱাৰিলো । তোৰ সন্তান দুটায়ে মোক মা বুলিয়েই মাতে। সেয়েহে মই সুখী অ' বাইদেউ।