Type Here to Get Search Results !

Scientific Benefits of Fasting

 


ৰমজানৰ ৰোজা আৰু আমাৰ স্বাস্থ্য
ইচলাম ধৰ্মাৱলম্বী মানুহৰ
কাৰণে ৰমজান মাহ হৈছে পবিত্ৰ মাহ। ইছলাম ধৰ্মত
এই মাহটোৰ গুৰুত্ব অপৰিসীম আৰু ই
অপৰিহাৰ্য্যও। ধৰ্মীয় দিশত মোৰ জ্ঞান
একেবাৰে সীমিত কাৰণে ৰমজান মাহৰ
আধ্যাত্মিক দিশটোৰ বিষয়ে মই
আলোচনালৈ নাযাওঁ কিন্তু চিকিৎসা
বিজ্ঞানৰ নুন্যতম জ্ঞানৰ সহায়ত এই
ৰমজান মাহৰ ৰোজাৰ পৰা আমাৰ
স্বাস্থ্যত কেনেকুৱা প্ৰভাৱ পেলায় তাৰে
সামান্য আভাস দিছোঁ।
সম্পূৰ্ণ এটা মাহ মুছলমান সম্প্ৰদায়ৰ
মানুহে ভোক বিলাস পৰিহাৰ কৰি দিনৰ
ভাগত একো নোখোৱাকৈ আনকি পানী
পৰ্যন্ত নোখোৱাকৈ যি ৰোজা (আৰবীত
আমি ইয়াক ছিয়াম বুলি কওঁ) পালন কৰা হয়,
ইয়াৰ পৰা আমি নিজকে বহুত স্বাস্থ্যবান
কৰি গঢ়ি তুলিব পাৰো। তলত কেইটামান
উদাহৰণ দাঙি ধৰিলোঁ...
১। আমাৰ শৰীৰৰ তেজত সাধাৰণতে দুই
ধৰণৰ কলেষ্টেৰল পোৱা যায়, বেয়া
কলেষ্টেৰল (LDL অৰ্থাৎ Low Density
Lipoprotein) আৰু ভাল কলেষ্টেৰল (HDL
অৰ্থাৎ High Density Lipoprotein)। এই
LDL কলেষ্টেৰলটো আমাৰ হৃদযন্ত্ৰ বা
HEART ৰ কাৰণে খুবেই বেয়া অৰ্থাৎ যেতিয়া
LDL বাঢ়ি যায় তেতিয়া HEART ৰ বিভিন্ন
ৰোগে দেখা দিয়ে। সুস্থ হৃদযন্ত্ৰৰ কাৰণে
HDL নামৰ কলেষ্টেৰলটো বেছি থকাটো
ভাল কাৰণে ইয়াক আমি ভাল কলেষ্টেৰল
বুলি কওঁ। তেজত থকা TRIGLYCERIDE ৰ
পৰিমাণ বৃদ্ধি হলেও হৃদযন্ত্ৰৰ বিভিন্ন
ৰোগৰ সৃষ্টি হয়। ৰমজান মাহৰ নিয়মিত
ৰোজাৰ কাৰণে আৰু ৰাতিৰ তাৰাৱীহৰ
দীঘলীয়া নামাজৰ কাৰণে এই LDLৰ মাত্ৰা
৮% পৰ্যন্ত কমি যায় আৰু HDL ৰ মাত্ৰা
১৪.৩% পৰ্যন্ত বাঢ়ি যায় আৰু লগতে তেজৰ
TRIGLYCERIDE ৰ মাত্ৰা ৩০% পৰ্যন্ত কমি
যায়। ৰোজাৰ দিনত ছেহৰি আৰু ইফতাৰৰ
নিয়মিত খাদ্যাভাসত মানুহে সাধাৰণতে
চৰ্বীযুক্ত খাদ্য (butter, lard, fatty
food, fast food) পৰিহাৰ কৰে আৰু
তাৰাৱীহৰ নামাজৰ জৰিয়তে হোৱা এক
শৃংখলাবদ্ধ শাৰীৰিক ব্যায়াম হয় যিটোৱে
LDL, TRIGLYCERIDE কমোৱাত আৰু HDL
বঢ়োৱাত সহায় কৰে আৰু আমাৰ
হৃদযন্ত্ৰক স্বাস্থ্যবান তথা নিৰোগী হৈ
থকাত সহায় কৰে।
২। আমি সাধাৰণতে খোৱা খাদ্যৰ
কাৰ্বহাইড্ৰেটৰ পৰাহে শক্তি আহৰণ
কৰো কিন্তু যিহেতু ৰমজান মাহত আমি এটা
নিয়মত কম খাদ্যহে খোৱাৰ সুযোগ পাওঁ
গতিকে সেই খাদ্যৰ পৰা পোৱা
কাৰ্বহাইড্ৰেটৰ পৰা সম্পূৰ্ণ দিনটোৰ
কাৰণে প্ৰয়োজনীয় শক্তি সৃষ্টি নহয়।
গতিকে এইখিনি সময়ত শৰীৰত পূৰ্বৰ পৰাই
সঞ্চিত হৈ থকা চৰ্বী (Fats) ৰ পৰা
প্ৰয়োজনীয় শক্তিৰ সৃষ্টি হয় আৰু ইয়াৰ
ফলত শৰীৰৰ চৰ্বীৰ ভাঙোন (break
down) হয়, ফলস্বৰূপে মানুহৰ চৰ্বীৰ
পৰিমাণ কমি যায় আৰু মানুহ নিৰোগী তথা
স্বাস্থ্যৱান হয়। অতিৰিক্ত চৰ্বীৰ
ভাঙোনে অত্যাধিক শকত আৱত আৰু
ওজনৰ মানুহৰ ওজন বহু পৰিমাণে কমি যায়।
৩। ৰমজান মাহৰ ৰোজাৰ কাৰণে মানুহে
বিড়ি, চিগাৰেট, ধুম পান ইত্যাদি ৰোগ
সৃষ্টিকাৰী অভ্যাসৰ পৰা আতৰি থাকিবলৈ
বাধ্য হয় আৰু এনেকৈ এটা মাহ এইবিলাক
বেয়া অভ্যাসৰ পৰা আতৰি থকাৰ পিছত
ৰমজান মাহৰ পিছতো ইচ্ছা কৰিলে বিড়ি
চিগাৰেটৰ পৰা আজীৱন আতৰি থাকিব পাৰি।
৪। ৰমজান মাহত মানুহে সাধাৰণতে বেয়া কাম
বা বেয়া অভ্যাসৰ পৰা নিজকে আতৰাই ৰাখে,
সদায় ভাল চিন্তা কৰে, সকলোৱে মিলিজুলি
একলগে বহি ইফতাৰৰ খানা খায় যিটোৱে
নিজৰ আত্মীয় স্বজনৰ মাজত মৰমৰ
বান্ধোন সৃষ্টি কৰে, নিয়মিত আল্লাহক
প্ৰাৰ্থনা কৰে, নিয়মিত ক্বোৰাণ শ্বৰীফ
পাঠ বা অধ্যয়ন কৰে ইত্যাদি। এই ধৰণৰ
অভ্যাসৰ কাৰণে মানুহ বিলাকৰ মানসিক
স্বাস্থ্যৰ বহু উন্নতি হয়। উল্লেখনীয় যে
অলপতে এটা research ৰ পৰা প্ৰমাণ হৈছে
যে নিয়মিত ক্বোৰাণ পাঠ কৰিলে মানুহৰ
স্মৃতি শক্তি বৃদ্ধি হয়।
৫। নিয়মিত ৰোজাৰ ফলত মানুহৰ তেজত
sugar level কমি যায় আৰু blood
pressure ৰ systolic pressure কমি
আহে। সেইকাৰণে Ramadan fasting
would be an ideal recommendation
for treatment of mild to moderate,
stable, non-insulin Diabetes, Obesity
and essential Hypertension.
সাধাৰণতে কিছুমান মানুহে বিভিন্ন বেমাৰৰ
অজুহাত দেখুৱাই ৰোজা ৰখাৰ পৰা আতৰি
থাকিবলৈ চেষ্টা কৰে বিশেষকৈ গেষ্ট্ৰিকৰ
অজুহাত এক নম্বৰ। ৰমজান মাহত মানুহৰ
যি খাদ্যাভাস বা খাদ্য তালিকা, ইয়াৰ পৰা
গেষ্ট্ৰিকৰ নিচিনা কোনো ৰোগৰ
সম্ভাৱনা একেবাৰেই নাই বৰঞ্চ নিয়মিত
ৰোজাৰ দ্বাৰা গেষ্ট্ৰিক বা এচিডিটিৰ
নিচিনা বেমাৰ ভাল হোৱাৰেই সম্ভাৱনা
বেছি। গতিকে যদি কোনো বিশেষ বেমাৰত
আক্ৰান্ত আৰু ৰোজা পালন কৰিবলৈ
ইচ্ছুক তেন্তে চিনাকি চিকিৎসকৰ লগত
আলোচনা কৰিব আৰু এটা সুপৰামৰ্শ
নিশ্চয় পাব।
________ Dr Jahid Ahmed