Type Here to Get Search Results !

শিক্ষক Teacher

 


শিক্ষক

শিক্ষক হৈছে এনে এজন ব্যক্তি যি হাতত তুলি দিয়ে জ্ঞানৰ চাবিপাত।যি চাবিপাতে  খুলিলয় জ্ঞানৰ ভৰাল । শিক্ষক সকলে দেখুৱাই দিয়ে সভ্যতাৰ বাট । জাগ্ৰত কৰি দিয়ে ছাত্ৰৰ বিবেক । এজন শিক্ষকে বিলাই দিয়া আলোকত লীন হৈ থাকে কৃষ্টি , সাংস্কৃতি , সভ্যতা , শান্তি , সজাগতা । চাণক্যই কৈছিল গুৰুৱে যদি শিষ্যক আনকি এটা আখৰ শিকায় পৃথিৱীত এনে কোনো বস্তু নাই  যিটো গুৰুক দান কৰি সেই ধাৰৰ পৰা মুক্তি হব পাৰিম। এজন শিক্ষকে শিক্ষাৰ জৰিয়তে পৰিৱৰ্তন কৰি দিয়ে ছাত্ৰৰ জীৱন। পানিয়ে যেনেকৈ এটা বাচন ধুই চিকচিকিয়া কৰে কিন্তু তাৰ জীৱাণু নিষ্কাষণ কৰি দিয়ে চাই বা পাউদাৰে । তেনেদৰে এটি ছাত্ৰৰ অন্তৰ ধুই চিকচিকিয়া কৰে জ্ঞানে আৰু বেয়া কাৰ্য নিষ্কাষণ কৰি দিয়ে এজন শিক্ষককে । ছাত্ৰই জীৱনত দুটা পথ সন্মুখন দেখিবলৈ পায়। কিন্তু ইয়াক নাজানে যে তেওঁ কোনটো বাটেৰে অতিক্ৰম কৰিব । কোনটো বাট ভাল , আৰু কোনটো বেয়া ইয়াক বিচাৰি উলিয়াবলৈ হাবা থুৰি খাই ফুৰে । কিন্তু শিক্ষক সকলে আঙুলীয়াই দিয়ে এটি পথ। যি পথেৰে অতিক্ৰম কৰিলে পোৱা যায় সভ্যতা , সু-জ্ঞান।

      ✍️✍️ আছিমআহমেদ।