Type Here to Get Search Results !

কালসূচক ( Temporals ) শব্দৰ পৰা হোৱা বাক্য

 



কালসূচক ( Temporals ) শব্দৰ পৰা হোৱা বাক্য


In, within, on, at, before, after, from-to, till, for, how, long, yet, about, by, when, while, until.


যদি কোনো এটা কাম আৰম্ভ হোৱাৰ নিৰ্দিষ্ট দিন বা সময় উল্লেখ কৰা হয় তাত Since লাগে । যেনে- Since 1976, Since Tuesday, Since 4 a.m আৰু য'ত সময় নিৰ্দ্দিষ্টকে নিদি সময়ৰ এটা থুলমূল আভাস দিয়া তাত for প্ৰয়োগ হয়। যেনে - for two months, for three years.

In অৰ্থাৎ তিনিদিনৰ অন্তত ( তাৰ আগতে নহয় )। Within অৰ্থাৎ তিনিদিনৰ ভিতৰত ( আগতেও হব পাৰে)!

মাহৰ নামৰ লগত in, বাৰৰ নামৰ লগত on আৰু সময় বুজাবলৈ হলে at প্ৰয়োগ হয়। যেনে- in February, on Tuesday, at 6-30 a.m. আদি । সেইদৰে morning আৰু evening -ৰ  আগত in আৰু noon আৰু night -ৰ আগত at লাগে। যেনে in the morning, in the evening, at night, at noon আদি।

Example---

1. তেওঁৰ চিঠিখন আপোনি তিনিদিনত পাব।➜ You will receive his letter in* three days.

2. আপুনি তেওঁৰ চিঠিখন তিনিদিনৰ ভিতৰত পাব।➜ You will receive his letter within* three days.

3. মই পুৱা সোনকালে উঠো।➜ I get up early in the morning.

4. আপুনি হোজাই ৰাতি পাবগৈ।➜ You will reach Hojai at night.

5. তেওঁ কালিৰে পৰা ইয়াত আছে ।➜ He has been staying here since yesterday.

6. মই সোমবাৰে সেইখিনি পামগৈ।➜ I'll reach there on Monday.

7. গৰমৰ দিনত মই নেপাললৈ যাম।➜ I'll go to Nepal in summer.

8. দোকানখন পুৱা 9-30 বজাৰ পৰা সন্দিয়া 7 বজালৈ খোলা থাকে।➜ The shop remains open from 9-30 a.m to 7 p.m.

9. লৰাহঁতে নিতৌ এঘণ্টাৰ বাবে খেলে । The boys play everyday for one hour.

10. তুমি ছয়বজাৰ পৰা কাম কৰি আছা।➜ You have been working since 6 o'clock.

11. আমি ইয়াত যোৱা চাৰিবছৰ ধৰি আছো।➜ We have been living here for four years.

12. তোমাৰ ইংৰাজী শিকিবলৈ লোৱা কিমানদিন হ'ল ?➜ How long have you been learning English ?

13. তাই এতিয়াও অহা নাই।➜ She hasn't come yet.

14. মই অহা শুক্ৰবাৰৰ ভিতৰত মোৰ কাম শেষ কৰিম।➜ I shall finish with my work by next Friday.

15. মই অহালৈকে তুমি ইয়াত অপেক্ষা কৰিবা।➜ Please wait here till I'm back.

16. মই অহামাহত তেওঁক লগপাম।➜ I'll meet him next month.


✍️✍️ Asim Ahmad