Type Here to Get Search Results !

মহিলা সকলৰ পাকিজা শিক্ষা महिलाओं की पाकीजा शिक्षा।



 মহিলাৰ পাকিজা শিক্ষা

মহিলাৰ হায়েজ 

 ( মাহেকীয়া ঋতুকালীন অবস্থা ) 

মহিলাসকলৰ ‘ ৰেহেম ' বা জৰায়ুৰ পৰা প্ৰতিমাহে স্বাভাৱিকভাবে যি ৰক্ত নির্গত হয় তাকে হায়েজ বোলা হয় । হায়েজৰ ৰক্ত ৰঙা , কলা , মাটিয়া , সেউজীয়া , ধোৱাবৰণীয়া আদি যিকোনো ৰঙৰ হ'ব পাৰে । কিন্তু বগা নহয় । হায়েজৰ ৰক্তৰ সময়সীমা কমেও তিনিদিন তিনি ৰাতি আৰু অধিক দহদিন দহ ৰাতি ।

 প্ৰঃ মহিলাসকলৰ কিমান বয়সত হায়েজ আৰম্ভ হয় আৰু কিমান বছৰ বয়সলৈকে হ'ব পাৰে ?

 উঃ কমপক্ষেও ৯ বছৰ বয়সৰ পৰা হায়েজ আৰম্ভ হয় আৰু ৫৫ বছৰলৈকে হ'ব পাৰে ।

প্রঃ ৯ বছৰৰ আগতে বা ৫৫ বছৰৰ পিছত তেজ নির্গত হলে তাক কি বুলি কোৱা হয় ? 

 উঃ ৯ বছৰৰ আগত হায়েজ হ’ব নোৱাৰে । গতিকে ইয়াৰ পূৰ্বে ৰক্ত নির্গত হলে তাক “ ইস্তিহাজা ” বুলি কোৱা হয় । আনহাতে ৫৫ বছৰৰ পিছত ৰক্ত নিৰ্গত হলে তাৰ ৰং চাব লাগিব । যদি ৰঙা বা কিট্‌কিচিয়া ক'লা তেজ নির্গত হয় , তেন্তে তাক হায়েজ বুলি ধৰিব লাগিব । আনকিবা ৰঙৰ তেজ নির্গত হলে তাক ইস্তিহাজা বোলা হ'ব । কিন্তু যদি আগতেও হায়েজৰ সময়ত মহিলা গৰাকীৰ সেউজীয়া মাটিয়া আদি ৰঙৰ তেজ নিৰ্গত হোৱাৰ অভ্যাস আছিল , তেন্তে সেই বয়সতো ইয়াক হায়েজ বুলি বিবেচনা কৰা হ'ব ।

 প্ৰঃ ইস্তিহাজা কি আৰু ইয়াৰ বাবে শ্বৰীয়তৰ হুকুম কি ?

উঃ কোনো ৰোগৰ কাৰণে জৰায়ুৰ পৰা যি তেজ নির্গত হয় তাকে ইস্তিহাজা বোলে । ইস্তিহাজাৰ সময়ত নামাজ , ৰোজা আদি আদায় কৰিব লাগে । সহবাস কৰাও বৈধ । ইস্তিহাজাৰ বিস্তাৰিত বিৱৰণ পিছত বৰ্ণনা কৰা হ'ব । 

প্ৰঃ যদি কোনো তিৰোতাৰ তিনি দিনতকৈ কম আৰু দহ দিনতকৈ বেছি সময় ধৰি তেজ নির্গত হয় তেন্তে তাক হায়েজ বোলা হ’বনে ?

 উঃ তিনি দিনতকৈ অলপ কম হ'লে হায়েজ নহ ।। বৰং তাক ইস্তিহাজা কোৱা হ'ব । আৰু দহ দিন দহ ৰাতিতকৈ সামান্য বেছি হ'লে চাব লাগিব যে পূৰ্বতে উক্ত মহিলাজনীৰ কেইদিনলৈকে হায়েজ হোৱাৰ অভ্যাস আছিল । যিমান দিন অভ্যাস আছে সেই কেইদিন হায়েজ আৰু অতিৰিক্ত সময়খিনি ইস্তিহাজা বুলি গণা হ'ব ।

মহিলাৰ নেফাছ

 ( প্রসুতি বা প্ৰসৱকালীন অৱস্থা )

প্রঃ ' নেফাছ কাক কয় ?

উঃ সন্তান জন্মৰ পিছত মহিলাৰ গৰ্ভাশয়ৰ পৰা যি তেজ নির্গত হয় তাক নেফাছ বোলে ।

 প্রঃ বহু সময়ত সন্তান জন্ম হোৱাৰ ২/৩ ঘণ্টা আগৰে পৰা তেজ নির্গত হয় । তেনে ক্ষেত্ৰত কৰ্তব্য কি ?

 উঃ সন্তানৰ নাভীলৈকে অর্থাৎ আধা ওলোৱাৰ আগমুহূৰ্তলৈকে ওলোৱা তেজক ইস্তিহাজা বুলি কোৱা হ'ব । সন্তান ভূমিষ্ঠ হোৱাৰ পিছত ওলোৱা তেজক নেফাছ বোলা হয় । সেয়ে তেতিয়াৰ পৰা নামাজ পঢ়াৰ হুকুম নাই ।

প্ৰঃ নেফাছৰ সময়সীমা কিমান দিন ? 

 উঃ অধিক ৪০ ( চল্লিছ ) দিন । কমৰ কোনো সীমা নাই ৩/৪ দিন , ২/১ ঘণ্টা , আনকি ২/৪ চেকেণ্ডো হ'ব পাৰে । আৰু একেবাৰে নহবও পাৰে । 

প্ৰঃ যদি গৰ্ভৰ দিন পূৰা হোৱাৰ আগতে গৰ্ভ নষ্ট হয় , তেন্তে তাৰ পিছত নির্গত হোৱা তেজক কি বুলি কোৱা হয় ?

উঃ যদি সন্তানৰ দুই এটা অঙ্গ সম্পূর্ণ হৈছে , তেন্তে তাৰ জন্মৰ পিছত ওলোৱা তেজক নেফাছ বোলা হ’ব । আৰু যদি কেৱল গোট মৰা তেজৰ কোঁহৰ দৰে ওলায় , হাত ভৰি একো চিনি পোৱা নাযায় , তেন্তে তাৰ পিছত ওলোৱা তেজক নেফাছ বুলি কোৱা নহ'ব । বৰং হায়েজৰ হিচাপৰ ভিতৰত থাকিলে অর্থাৎ তিনিদিনতকৈ কম আৰু দহ দিনতকৈ বেছি নহ'লে আৰু ইয়াৰ আগৰ তুহুৰ ১৫ ( পোন্ধৰ ) দিনতকৈ কম নহলে ইয়াক হায়েজ বুলি ধৰা হ'ব ।

প্রঃ হায়েজ বা নেফাছ বন্ধ হোৱাৰ পিছত দেখা গ'ল যে গোছল কৰিলে ক্ষতি হোৱাৰ সম্ভাৱনা । তেনে অৱস্থাত কেনেকৈ নামাজ ৰোজা আদায় কৰিব ?

 উঃ তায়াম্মুম কৰি নামাজ পঢ়িব । ৰোজাৰ বাবে গোছল বা তায়াম্মুমৰ প্ৰয়োজন নাই । এনেয়ে ৰোজা ৰাখিব পাৰিব ।

প্রঃ বহুত মহিলাই নেফাছৰ তেজ থাকক বা নাথাকক সাত দিন , চৈধ্য দিন বা একৈশ দিন পূৰ্ণ নোহোৱালৈকে নামাজ ৰোজা আদায় নকৰে । শ্বৰীয়তত এনে ধৰণৰ কোনো হুকুম আছেনে ?

উঃ নাই । সাত দিন , চৈধ্য দিন বা একৈশ দিনৰ কোনো নিয়ম শ্বৰীয়তত নাই । এইটো মহিলাসকলৰ এটি ভুল ধাৰণা । যিদিনাখন তেজ ওলোৱা বন্ধ হ’ব সেইদিনাখনেই ৰোজা ৰাখিব আৰু গোছল কৰি নামাজ পঢ়িব লাগিব । এইটোৱেই নিয়ম ।

প্ৰঃ হায়েজ নেফাছৰ সময়ত স্বামী স্ত্রী একেলগে শোৱা বা ধৰা মেলা জায়েজ আছেনে ? 

উঃ একেলগে শোৱা বা ধৰা মেলা কৰা সকলো জায়েজ আছে । কেৱল স্ত্ৰীৰ নাভী আৰু আঠুৰ মধ্যৱৰ্তী স্থানত স্বামীৰ হাত ভৰি বা অন্য কোনো অঙ্গৰ দ্বাৰা স্পৰ্শ কৰা বা চোৱা জায়েজ নাই । হায়েজ - নেফাছৰ সময়ত কি কৰিব পাৰি আৰু কি কৰিব নোৱাৰি ? 

 প্ৰঃ হায়েজ - নেফাছৰ সময়ত কি কাম কৰা নিষেধ ?

উঃ নামাজ পঢ়া , ৰোজা ৰখা , মছজিদৰ ভিতৰত প্ৰৱেশ কৰা , কা'বা ঘৰ তোৱাফ কৰা , কোৰআন পঢ়া আৰু স্বামীৰ লগত সহবাস কৰা নিষেধ ।

প্ৰঃ হায়েজ নেফাছৰ সময়ত নামাজ ৰোজা মাফ হৈ যায়নে কাজা পঢ়িব লাগে ? 

উঃ নামাজ একেবাৰে মাফ হৈ যায় । কিন্তু ৰোজা মাফ নহয় । পিছত কাজা আদায় কৰিব লাগে । 

প্ৰঃ হায়েজ বা নেফাছৰ অৱস্থাত কোৰআন শ্বৰীফ মুখস্থ মাতা জায়েজ আছেনে ?

উঃ জায়েজ নাই ।

প্রঃ কোৰআনত বহুতো দোআৰ আয়াত আছে । সেইবোৰ পঢ়াও জানো নাজায়েজ ?

 উঃ দোআৰ নিয়তত পঢ়া জায়েজ । কিন্তু তিলাৱতৰ নিয়তত পঢ়া জায়েজ নহয় ।

প্রঃ বহুতো মহিলাই কণ কণ ল’ৰা - ছোৱালীক কোৰআন শিকায় , এওঁলোকে হায়েজ - নেফাছৰ সময়ত কেনেকৈ শিকার ?

 উঃ হেজা ( অর্থাৎ বানান কৰি কৰি পঢ়ুওৱাত বাধা নাই ) তা , ৰা , পঢ়ি এটা এটা শব্দ পৃথক পৃথক কৈ পঢ়ুৱাব পাৰে । অৰ্থাৎ প্ৰত্যেকটো শব্দৰ পিছত অলপ ৰৈ আকৌ পিছৰ শব্দটো আৰম্ভ কৰিব । যেনে আল - হামদুলিল্লাহি - ৰাব্বিল আলামিন ।

 প্রঃ হায়েজ - নেফাছৰ অৱস্থাত কলিমা পঢ়া , দরূদশ্বৰীফ পঢ়া বা জিকিৰ আজকাৰ কৰা জায়েজনে ?

উঃ জায়েজ । বৰং নামাজৰ সময় হ’লে অজু কৰি পাক ঠাইত বহি জিকিৰ আজকাৰ কৰা উত্তমহে ।

প্রঃ হায়েজ - নেফাছৰ সময়ত কোৰআন স্পৰ্শ কৰা জায়েজ নে ?

উঃ জায়েজ নহয় । আনকি কোৰআনৰ আয়াত থকা কিতাব পত্র , তাবিজ বা অন্য কোনো লিখিত নথি - পত্ৰ স্পৰ্শ কৰাও নাজায়েজ ।

ইস্তিহাজা কি ?

 প্রঃ ইস্তিহাজা কাক বোলে ?

উঃ হায়েজৰ যি ৰক্ত তিনি দিনতকৈ কম বা দহ দিনতকৈ বেছি আৰু নেফাছৰ সময়ত চল্লিশ দিনতকৈ বেছি ওলায় তাকে ‘ ইস্তিহাজা ’ বোলে ।

 প্রঃ ইস্তিহাজাৰ বিধান কি ? 

উঃ ইস্তিহাজাৰ সময়ত নামাজ ৰোজা আদায় কৰিব লাগে আৰু সহবাস কৰাও জায়েজ আছে । ইস্তিহাজা বন্ধ হোৱাৰ পিছত গোছল ওৱাজিব নহয় ।

প্রঃ ইস্তিহাজাৰ তেজেৰে সৈতে কেনেকৈ নামাজ পঢ়িব ?

উঃ প্রত্যেক ফৰজ নামাজৰ ওৱাক্তত গুপ্তাঙ্গৰ পটি সলাই নতুনকৈ অজু কৰিব আৰু তাৰ দ্বাৰা ফৰজ , চুন্নত , নফল আদি সকলো প্ৰকাৰৰ নামাজ ' সেই ওৱাক্তত পঢ়িব পাৰিব । ওৱাক্ত অতিবাহিত হৈ যোৱাৰ লগে লগে অজু ভাগি যাব ।

প্রঃ ইস্তিহাজাৰ সময়ত কোৰআন পঢ়িবলৈ হ'লে কেনেকৈ অজু কৰিব লাগিব আৰু সেই অজু কিমান সময়লৈকে থাকে ? 

 উঃ যিকোনো সময়ত অজু কৰি কোৰআন পঢ়িব পাৰি , আৰু পিছত যি নামাজৰ ওৱাক্ত হয় সেই নামাজো আদায় কৰিব পাৰি । এই নামাজৰ ওৱাক্ত অতিবাহিত হৈ যোৱাৰ লগে লগে অজু ভাগি যাব ।

ইস্তিঞ্জা কি ?

 প্ৰঃ পেচাব পায়খানাৰ পিছত ইস্তিঞ্জা কৰাৰ নিয়ম কি ?

 উঃ প্রথমে কুলুখ ব্যৱহাৰ কৰিব । তাৰ পিছত পানীৰে ধুব । এইটোৱেই ইস্তিঞ্জা । মহিলাই অকল পায়খানাৰ পাছত কুলুখ ব্যৱহাৰ কৰিব । পেচাবৰ পাছত জৰুৰী নহয় ।

 প্রঃ কোনপিনে মুখ কৰি শৌচ - পেচাব কৰিব লাগে ?

 উঃ উত্তৰ বা দক্ষিণ পিনে মুখ কৰি বহিব লাগে । পূব বা পশ্চিম পিনে মুখ কৰি কেতিয়াও নবহিব । আনকি কণ কণ ল’ৰা - ছোৱালীবিলাককো পূব বা পশ্চিম পিনে মুখ কৰি বহুৱাই পেচাব বা পায়খানা কৰোৱা শ্বৰীয়তত একেবাৰে নিষিদ্ধ ।