Type Here to Get Search Results !

অপেক্ষা

 


অপেক্ষা

মই জানোঁ 

ফাগুন এদিন উভতিব  

ধূলিৰ বতাহ আঁতৰিব 

বৰষুণত তিতি বুৰি 

বহাগ এদিন আহিব 

মই জানোঁ 

আকৌ পাত ওলাব 

আকৌ ফুল ফুলিব 

গছৰ ডালত বহি 

কুলিৰ মাতে 

আকৌ মোৰ বুকু ভাঙিব 

মই জানোঁ 

গছৰ তলত বহিবলৈ

এদিন কোন আহিব 

মই জানোঁ 

বুকুত ঢৌ তুলিবলৈ 

এদিন কোন আহিব 

✍ *মৌচম হাজৰিকা*