Type Here to Get Search Results !

শ্ববে বৰাত ভাগ্যৰ_ৰাতি



ভাগ্যৰ_ৰাতি

 শ্ববে বৰাত
হিজৰী শা'বান মাহৰ ১৪/১৫ তাৰিখৰ মাজ নিশা পালিত হয় শ্ববে বৰাত (ভাগ্যৰ ৰাতি)।

 ইছলাম ধৰ্মী মুছলমান সকলৰ বাবে অতি পৱিত্ৰ, মহত্বপূৰ্ণ, কল্যাণকৰ আৰু মঙ্গলময়ৰ নিশা হৈছে শ্ববে বৰাত।

1. নামৰ উৎপত্তি

শ্ববে বৰাতৰ আভিধানিক অর্থ অনুসন্ধান। শ্বব ফাৰ্চী শব্দ আৰু ইয়াৰ অর্থ ৰাতি বা ৰজনী। বৰাত শব্দটিও মূলতঃ ফাৰ্চী আৰু ইয়াৰ অর্থ ভাগ্য। দুই শব্দৰ একত্ৰিকৰণৰ অর্থ ভাগ্য-ৰজনী। এই দিন বিশ্বৰ ভিন ভিন ঠাইত ভিন ভিন নামেৰে জনাজাত। ইয়াক মূলতঃ দুই ভাগত ভাগ কৰিব পাৰি:

  • নিম শ্বাবান ফাৰ্চী: نيم شعبان
  • নিছফু শ্বাবান মালয়: نصف شعبان
  • নিছফ্ শ্বাবান আৰবী: نصف شعبان,
  • মধ্য শ্বাবান: ই হিজৰী কেলেণ্ডাৰৰ অষ্টম মাহ শ্বাবানৰ নামৰ পৰা আহিছে।

  • বৰাতৰ নিশা: বৰাত আৰবী ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হৈছে মুক্তি।
  • লায়লাট আল-বাৰাত আৰবী: ليلة البراءة
  • বেৰাত কান্দিলি তুৰস্কীয়া: Berâet Kandili
  • শ্ববা এ বৰাত বঙালী: শবে বরাত
  • শ্বব এ বাৰাত উৰ্দু: شبِ برات

 উপমহাদেশত শ্ববে বৰাতৰ এই পৱিত্ৰ ৰাতিটোক শ্ববে বৰাত বুলি কোৱা হয়, যাৰ অৰ্থ ভাগ্যৰ ৰাতি। ইছলামী বিশ্বাস মতে, এই ৰাতিত পৰম কৰুণাময় আল্লাহ ৰাব্বুল আলামিনে তাৰ বান্দাসকলক বিশেষ অনুগ্ৰহৰ দ্বাৰা ক্ষমাদান কৰি থাকে। শ্ববে বৰাতৰ এই পৱিত্ৰ নিশাটোত বিশ্বৰ বিভিন্ন স্থানত মুছলমানসকলে নেদেখাজনৰ ইবাদত-বন্দেগী  কৰে, বিশেষকৈ অৰেটো নিশা উজাগৰে থাকি বিভিন্ন ধৰণৰ নফল ইবাদাত কৰে।

 বহু ঠাইত মুছলমান সকলে, শ্ববে বৰাতৰ এই পৱিত্ৰময়ী ৰজনীত তেওঁলোকৰ মৃত পূৰ্বপুৰুষসকলৰ হৈ মহান আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।

 ইছলামধৰ্মী লোকবিশ্বাস মতে শ্ববে বৰাত বা লাইলাতুল বৰাত হৈছে আল্লাহৰ সান্নিধ্য লাভৰ ৰাতি। এই ৰাতিত কোনো ধৰণৰ অসূয়া-অমঙ্গলৰ ঘন কলা ডাৱৰ নাথাকে বৰং এই পূন্যময়ী নিশাটোত গোটেই পৃথিৱীতে ৰহমত (দয়া), বৰকত (আশীৰ্বাদ)ৰ পোহৰ বিয়পি পৰে।

 ভাগ্যৰ এই মহান ৰাতি মানুহৰ মনত ভয়-ভীতি, হিংসা, ঘৃণা, বিভেদ, বিদ্বেষ, অবিশ্বাস তথা মতভেদ নাথাকে, থাকে কেৱল শান্তি, আনন্দ, সম্প্ৰীতিৰ সুঘ্ৰাণ আৰু ঈশ্বৰৰ প্ৰতি ভক্তি তথা আধ্যাত্মিকতাৰ সুগন্ধিত বিলীন হৈ যোৱাৰ মানসিকতা।

 কোৱা বাহুল্য যে, পৰম কৰুণাময়, পৰম দয়ালু মহান আল্লাহু তালাই তেওঁৰ বান্দা (দাস)ৰ উদ্দেশ্যে কয়ঃ তোমালোকৰ মাজত আছে নেকি কোনোবা প্ৰাৰ্থনাকাৰী? মই তেওঁলোকৰ প্ৰাৰ্থনা গ্ৰহণ কৰিম, তেওঁলোকৰ মনোকামনা আৰু মনোবাঞ্চা পূৰণ কৰিম,

 যিয়ে সেই ৰাতি উজাগৰে থাকি আল্লাহৰ ইবাদত-বন্দেগী আৰাধনা-প্ৰাৰ্থনা কৰে আৰু পাপৰ বাবে অনুতপ্ত হয়, পৰমেশ্বৰে অৱশ্যেই তেওঁৰ মনোকামনা পূৰণ কৰে।

 উল্লেখ্য যে, ইছলামধৰ্মী লোকবিশ্বাস মতে শ্ববে বৰাতৰ এই ৰাতিতেই হেনো মানৱজাতিৰ ভাগ্য নিৰ্ণয় বা লিপিবদ্ধ কৰা হয়। সেয়ে এই গুৰুত্বপূৰ্ণ নিশাটো উজাগৰে থাকি মুছলমানে নেদেখাজনৰ ইবাদত-বন্দেগী (আৰাধনা-প্ৰাৰ্থনা) কৰিব লাগে।

 বিশেষকৈ বিগত দিনবোৰত কৰা পাপৰ বাবে অনুতপ্ত হোৱা আৰু ভাল কাম কৰাৰ শক্তি বিচাৰি নতশিৰে দয়াময় প্ৰভুৰ ওচৰত দন্ডনীয়মান হ'ব লাগে। কথিত আছে, এই দিনত ৰোজা (ব্ৰত) পালন কৰিলে তেওঁক অৰ্থাৎ ৰোজা পালনকাৰীক জাহান্নাম (নৰক)ৰ জুইয়ে স্পৰ্শ কৰিব নোৱাৰে বা নোৱাৰিব।

লাইলাতুল বা শ্ববে বৰাতৰ নামাজৰ নিয়ত

 দুই ৰাকাতকৈ ১২ ৰাকাত বা ততোধিক 

উচ্চাঃ নাৱাইতুআন উচ্চাল্লিয়া লিল্লাহি তা'আলা ৰাক্‌আতাই চালাতিল লাইলাতুল বৰাতি মুতাবাজ্জিহান ইলাজিহাতিল কা'বাতিচ শ্বাৰিফাতি আল্লাহু আকবাৰ ।

অৰ্থঃ মই দুই ৰাকাত লাইলাতুল বৰাতৰ নামাজ কাবা শ্বৰিফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলোঁ— আল্লাহু আকবাৰ । 

বিঃ দ্রঃ লাইলাতুল বৰাতৰ নামাজ শ্বাবান মাহৰ ১৫ তাৰিখৰ ৰাতি পঢ়িব লাগে । এই নামাজৰ ৱাক্ত বা সময় ইছাৰ নামাজ সমাপ্তিৰ পিছৰ পৰা চুবেহ চাদিক পর্যন্ত থাকে । এই নামাজৰ প্ৰত্যেক ৰাকাতত আয়াতুল কুৰ্চী , ছূৰা ক’দৰ আদি পঢ়া উত্তম ।

 শেষত ;
সদৌটিলৈকে শ্ববে বৰাতৰ আন্তৰিক শুভকামনা জনাই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে _______ প্ৰত্যেকেই নিজ দেশ ভাৰতবৰ্ষৰ অখণ্ডতা, শান্তি, সমৃদ্ধি আৰু বিভিন্ন জাতি জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল মজবুতীৰ বাবে দোৱা-প্ৰাৰ্থনা কৰে যেন....।