ৰমজানৰ পয়গ্বাম
ইছলামৰ মূল পাঁচটা বুনিয়াদৰ ভিতৰত ৰোজাৰ স্থান তৃতীয় । এই ৰোজা মানৱজাতিৰ আদি পুৰুষ হজৰত আদম ( আঃ ) ৰ পৰা আৰম্ভ কৰি সকলো নবীৰ যুগত প্ৰচলিত আছিল ।
পূৰ্বৰ নবী সকলৰ শ্বৰীয়তত ৰোজাৰ দিন সময় বেলেগ বেলেগ আছিল । ইছলামত ইয়াক অত্যন্ত সুশৃঙ্খল ভাৱে পালন কৰিবলৈ নিৰ্দিষ্ট এটা মাহ ৰোজা ফৰজ কৰা হৈছে ।
দ্বিতীয় হিজৰীৰ শ্বা'বান মাহত মুহাম্মদ ( ছঃ ) ৰ উম্মতৰ ওপৰত ৰোজা ফৰজ কৰা হয় । কুৰআন শ্বৰীফত আল্লাহ তা'লাই ফৰ্মাইছে -- ‘ হে মু'মিন সকল ! তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে , যেনেকুৱা ফৰজ কৰা হৈছিল তোমালেকৰ আগৰ উম্মত সকলৰ ওপৰত । যাতে তোমালোকে তাকৱা অৱলম্বন কৰিব পাৰা ' ।
( ছুৰা বাক্বাৰা- ১৮৩ ) ৰমজানৰ ৰোজাই ৰহমত , বৰকত , ক্ষমা আৰু জাহান্নমৰ পৰা মুক্তিৰ পয়গ্ৰাম লৈ আহে । ৰমজান হৈছে কল্যাণ , মুক্তি , বহুগুণ পুৰুস্কাৰ লাভ আৰু পূৰ্বৰ সমূহ গুনাহ মাফ কৰোৱাৰ সুবৰ্ণ কাল । ব্যৱসায়ী সকলে যিদৰে সময় আৰু সুজোগ বুজি ব্যৱসাত প্ৰচুৰ মুনাফা অর্জন কৰে , ঠিক তেনেদৰে ঈমানদাৰ সকলৰ কাৰণে ৰমজান হৈছে ইবাদত - উপাসনাৰ জৰিয়তে পৰকালৰ বাবে ধন জমা কৰাৰ সুবৰ্ণ সুজোগ ।
সমূহ মাহৰ ভিতৰত আল্লাই ৰমজান মাহক বিশেষ মর্যদা , সন্মান আৰু মহত্ব দান কৰিছে । কুৰআন শ্বৰীফ এই মাহতে অৱতীৰ্ণ হয় । সেয়ে এই মাহত কম পৰিমানে হলেও কুৰআন শ্বৰীফৰ তিলাৱত শিকা , তিলাৱত বিশুদ্ধ কৰা , তিলাৱত শ্রবন কৰা , কুৰআনৰ তাৰজমা ও তাফচীৰ অধ্যয়ন কৰা আৰু কুৰআনক নিজৰ জীৱনত বাস্তবায়ন কৰা এজন সচেতন মুছলমানৰ কর্তব্য ।
ৰমজান হৈছে সংযম , সহানুভূতি আৰু সহমর্মিতাৰ মাহ । মানুহক প্রয়োজন পূৰণৰ ক্ষেত্ৰত সংযম অৱলম্বন কৰাৰ শিক্ষা দিয়ে । প্রয়োজনতকৈ অধিক খৰছ আৰু ভোগ - বিলাসৰ ইচ্ছা দমন আৰু অত্মশুদ্ধিৰ শিক্ষা দিয়ে । আমাৰ ওচৰে পাজৰে বহু মানুহ আছে যি সকলে অতি দৰিদ্ৰতাৰ মাজেৰে জীৱন - যাপন কৰি আছে , ছেহেৰী - ইফতাৰ সঠিকভাৱে কৰিব পৰা খাদ্য - বস্তু নাই , সেই সকলৰ প্ৰতি সহায় - সহানুভূতিৰ হাত আগবঢ়াবলৈ ৰমাজনে শিক্ষা দিয়ে ।
অশ্লীল কথা - বতৰা , মিছা কথা , হাই - কাজিয়া আদি অমানৱীয় কু - কৰ্মৰ পৰা বিৰত থাকি ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ শিক্ষা দিয়ে । এই পৱিত্ৰ মাহৰ ফজিলত বয়ান কৰা এই অভাজনৰ পক্ষে সম্ভৱ নহয় । তথাপিও কিছু কথা তুলি ধৰাৰ প্ৰয়াস কৰি আছোঁ ।
এই মাহত সমূহ ঐশ্বিৰক কিতাপৰ মাতৃ মহাগ্রন্থ কুৰআন শ্বৰীফ ৰছুলুল্লাহ ( ছঃ ) ৰ ওপৰত অৱতীৰ্ণ হৈছে । এই মাহত এনে এটি ৰাতি আছে যিটো এহেজাৰ মাহতকৈও উত্তম । এই ৰাতিৰ ইবাদত - বন্দেগী হাজাৰ মাহৰ ইবাদতকৈও বেছি । এই ৰাতিৰ নাম হৈছে -- ‘ লাইলাতুল ক্বদৰ ' । তিৰমিজী শ্বৰীফত আছে , ৰছুলুল্লাহ ( ছঃ ) য়ে ফৰমাইছে -- ৰমজান মাহৰ এটি ফৰজ ( ইবাদত ) আদায় কৰা অন্য মাহৰ সত্তৰটা ফজ আদায় কৰাৰ সমান । আৰু এটা নফল অন্য মাহৰ ফৰজৰ সমান । এই মাহৰ যিকোনো দান খয়ৰাত , ভাল কামৰ প্ৰতিফল আল্লাহ তা'লাই সত্তৰ গুণ কৰি দিয়ে । ৰোজা জাহান্নমৰ আজাব ( শাস্তি ) ৰ পৰা ৰক্ষা পোৱাৰ বাবে ঢাল স্বৰূপ ৷
ৰোজা থকা অৱস্থাত ৰোজাদাৰৰ মূখৰ পৰা যি গোন্ধ ওলায় , আমি দুর্গন্ধ বুলি ভাৱো , কওঁ । সেয়া আল্লাহৰ ওচৰত মুশ্বকে আম্বৰতকৈ অধিক পছন্দনীয় । ( বুখাৰী শ্বৰীফ )
ৰমজান মাহত কিছু কৰণীয় আৰু কিছু বর্জনীয় কাম আছে । আল্লাহৰ ইবাদত বন্দেগীত নিজক পূর্ণভাৱে মগ্ন কৰি ৰখা , ফৰজ নামাজ আদায় কৰাৰ লগতে বেছি বেছিকৈ নফত ইবাদত কৰা আৰু পাঁচ ওৱাক্ত মছজিদত গৈ জামাতৰ সৈতে নামাজ আদায় কৰাৰ চেষ্টা কৰা । খোৱা পিয়া আৰু স্ত্রী সহবাসৰ পৰা বিৰত থকাৰ লগতে নিজৰ মুখ আৰু জিভাক সংযত ৰাখিব লাগে । মিছা কথা , গালি শপনি , গীবত , পৰনিন্দা , পৰচৰ্চা , অশ্লীলতা আৰু বিভিন্ন কু - কৰ্মৰ পৰা বিৰত থাকিব লাগে ।
হাদীছ শ্বৰীফত আহিছে-- যি ব্যক্তিয়ে মিছা কথা আৰু মিছা কৰ্ম ত্যাগ কৰা নাই , তেওঁৰ উপবাসে থকা কোনো ফলদায়ক নহয় । ( মিশ্বকাত শ্বৰীফ )
ছেহেৰী খোওৱা আৰু ইফতাৰ কৰা ছুন্নত । ছুবেহ ছাদিকৰ আলপ আগতে ছেহেৰী খাই লোৱা মুস্তাহাব । ৰছুলুল্লাহ ( ছঃ ) য়ে ফৰ্মাইছে-- তোমালোকে ছেহেৰী খোওৱা , কিয়নো তাত অত্যন্ত বৰকত নিহীত আছে ।
ইফতাৰ সম্পৰ্কে হুজুৰ ( ছঃ ) য়ে কৈছে-- মানৱজাতি সেইদিন পর্যন্ত কল্যাণত থাকিব , যিমান দিন লৈকে তেওঁলোকে ইফতাৰৰ সময় হোৱাৰ লগে লগে ইফতাৰ কৰি ল'ব । নিজে ইফতাৰ কৰাৰ লগতে বেলেগক ইফতাৰ কৰালে ৰোজাদাৰৰ সমান ছোৱাব পোৱা যায় বুলি হাদীছ শ্বৰীফত আহিছে ।
খেজুৰৰ দ্বাৰা ইফতাৰ কৰা উত্তম , কিয়নো ৰছুলুল্লাহ ) ছঃ ) য়ে খেজুৰৰ দ্বাৰা ইফতাৰ কৰাত বৰকত নিহীত আছে বুলি কৈছে । অৱশ্যে খেজুৰ নাথাকিলে পানীৰ দ্বাৰা ৰোজা ভংগ কৰক , কিয়নো এয়া পৱিত্ৰকাৰী । ( তিৰমিজী , আবু দাওদ )
ৰোজাৰ গুৰুত্ব ও মহত্বৰ অনুমান এই কথাৰ দ্বাৰা কৰিব পাৰি যে , ৰছুলুল্লাহ ( ছঃ ) য়ে মাইছে-- যি ব্যক্তিয়ে কোনো উপযুক্ত কাৰণ ব্যতিত ৰমজানৰ এটা ৰোজা ভংগ কৰিছে , যদি তেওঁ গোটেই জীৱন ৰোজা ৰাখে তথাপিও ইয়াৰ ক্ষতি সাধন নহ' ব । ( তিৰমিজী- নাছায়ী )
ইমাম জহবী ( ৰঃ ) য়ে কয়-- যি ব্যক্তিয়ে কোনো ধৰণৰ বেমাৰ বা গ্রহণযোগ্য ওজৰ অবিহনে ৰমজানৰ ৰোজা পৰিত্যাগ কৰে , তেওঁ ব্যভিচাৰকাৰী ও মদপানকাৰীতকৈও নিকৃষ্ট । মুছলিম সমাজে তেওঁৰ মুছলমান হোৱাত সন্দেহ কৰাৰ লগতে নাস্তিক আৰু নীতিজ্ঞানহীন বুলি ধাৰণা কৰিব পাৰে ।
আকৌ কিছু মানুহ আছে যি সকলে ৰমজান মাহৰ ৰোজা ৰাখে কিন্তু নামাজ নপঢ়ে । এনে ৰোজাৰ কোনো মূল্য নাই । নামাজে ইছলাম আৰু কুফুৰক পৃথক পৃথক কৰি দিয়ে । ৰোজাৰ ৰখাৰ অৰ্থ গোটেই দিন ইবাদত - বন্দেগীত কটোৱা আৰু নামাজ নপঢ়াৰ মানে নাফৰ্মানীত লিপ্ত থকা । এয়া স্পষ্ট নেফাক - কপটতা । আল্লাই সকলোকে ৰোজাৰ লগতে নামাজৰো তওফীক দান কৰক ।
কিছু মানুহে ৰোজা ৰাখি গোটেই দিন টি ভি চাই থাকে আৰু কিছুমানে টোপনি মাৰি মাৰি দিন কটায় । এয়াও ঠিক নহয় ।
চিকিৎসা বিজ্ঞানে ৰোজা সম্পর্কে গবেষণা কৰি তাৰ উপকাৰিতা ব্যক্ত কৰিছে । বিজ্ঞানৰ উক্তি মতে- ৰোজা সুস্থ শৰীৰ ও স্বাস্থৰ বাবে সহায়ক । ৰোজাই গ্যাষ্টিক , আলচাৰ , পেটৰ বিষ আদিৰ উপকাৰৰ ক্ষেত্ৰত ভূমিকা পালন কৰে । ৰোজাই লিভাৰ , কিডনী আৰু মূত্রনলীক দীর্ঘায়ু দান কৰে ৷ ৰক্তচাপ , তেজ আৰু শৰীৰৰ অস্বাভাৱিক কোলষ্টল ও চর্বি নিয়ন্ত্রন কৰে । মস্তিস্ক আৰু স্নায়ুতন্ত্ৰৰক উজ্জীৱিত কৰাৰ লগতে শৰীৰৰ অনুকোষ আৰু প্ৰজনন অঙ্গ সমূহক নতুন জীৱন দান কৰে । আধুনিক বিজ্ঞানৰ মতে ৰোজাৰ দ্বাৰা ডায়েবেটিছ আৰু কেঞ্চাৰৰ পৰা ৰক্ষা পোৱাৰ সম্ভাৱনা অধিক ।
একাদশ শততিকাৰ শ্ৰেষ্ঠ চিকিৎসক ‘ ইবনে ছিনা’ই নিজৰ বহু ৰোগীক তিনি সপ্তাহ ৰোজা ৰখাৰ উপদেশ দিয়াৰ কথা কৰবাত পঢ়িছিলো । আজি হেজাৰ বছৰ পিচত এই কথা পোহৰলৈ আহিছে যে- মানুহ যেতিয়া ১২/১৪ ঘন্টা উপবাসে থাকে , মানুহৰ শৰীৰে শৰীৰৰ গেলা - পচা অংশক খাই থাকে , এই দৰে ২০ পৰা ৩০ দিন উপবাসে থাকিলে গোটেই বছৰ দেহাভ্যান্তৰত যি জৈব বিষ জমা হয় বা শৰীৰৰ যি অংশ পচি যায় , ৰোজাৰ জুইয়ে জ্বলাই নিঃশেষ কৰি পেলায় । ফলতঃ কেঞ্চাৰৰ পৰা মানুহৰ শৰীৰ মুক্ত থাকিব পাৰে ।
যিকি নহওক , ৰমজানৰ ৰোজা শেষ হলে ঈদ উদযাপন কৰা হয় । ঈদ এটি পৱিত্ৰ উৎসৱ , ঈদৰ দিন গৰীব - ধনী সকলোৰ কাৰণে খুছি - ফুর্তি ও আনন্দৰ দিন ।
পিচে , দিন হাজিৰা কৰি খোৱা সকলৰ বাবে এয়া মহা সংকট । সেয়ে আল্লাহ তা'লাই ধনী মানুহৰ ওপৰত ঈদ উপলক্ষে চদকাতুল ফিতৰ ওৱাজিব কৰিছে ।
ঈদৰ দিনা ফজৰৰ নামাজ পঢ়াৰ পিচত জাকাত ওৱাজিব হোৱা পৰিমানৰ মাল - সম্পত্তি যাৰ ওচৰত থাকিব তেওঁৰ ওপৰত ফিতৰা ওৱাজিব হ’ব ।
এটা ফিতৰা ১৬৩৩ গ্রাম ঘেহু , খেজুৰ , কিসমিস বা তাৰ মূল্য ।
ফিতৰা পৰিয়ালৰ সৰু - ডাঙৰ সকলো সদস্যৰ বাবে বেলেগ বেলেগ হ’ব । যদিও ফিতৰা ঈদৰ দিনা ওৱাজিব হয় , তথাপিও ৰমজানৰ শেষ ভাগত আদায় কৰা উত্তম ।
ৰমজান মাহত আদায় নকৰিলে ঈদৰ দিন নামাজৰ আগে আগে আদায় কৰিব লাগে , অন্যথায় গুনাহগাৰ হ’ব ।
সময় পাৰ হৈ গলে ফিতৰা মাফ নহয় , পিচত হলেও আদায় কৰিব লাগিব । ফিতৰা অমুছলমানক দিয়া জাইজ নহয় ।
কিয়নো ফিতৰা মহৎ উদ্দেশ্য হৈছে গোটেই মাহ ৰোজা ৰখাৰ পিচত গৰীব দুখীয়া সকলেও যাতে ধনীৰ সমানে আনন্দ , ফুৰ্তি কৰিব পাৰে । অমুছলিমৰ ক্ষেত্ৰত এই বস্তুটো নাই , গতিকে তেওঁলোকক ফিতৰা দিব নোৱাৰি ।
জাকাত খোৱাৰ যোগ্য প্ৰতিজন মুছলমানক ফিতৰা দিব পাৰিব । অৱশ্যে প্রতিবেশী অমুছলমানক দান খয়ৰাত দিব পাৰি , বৰঞ্চ দিব লাগে ।
আমাৰ মনলৈ এটি প্রশ্ন আহিব পাৰে যে , ফিতৰা কিয় দিব লাগে ? নিদিলে কি হ’ব ? দৰাচলতে ইয়াত দুটা কথা আছে । প্রথম কথা হ’ল ঈদৰ দিন সকলো মানুহ আল্লাহৰ মেহমান আৰু আল্লাই এই মেহমাদাৰী ধনী মানুহৰ মালেৰে পূৰণ কৰে । সেয়ে ধনী মানুহৰ মালৰ পৰা এটা নির্দিষ্ট অংশ গৰীবৰ কাৰণে ওৱাজিব কৰি দিছে । দ্বিতীয় কথাটো হৈছে- আমি গোটেই ৰমজান মাহ ৰোজা ৰাখোতে নিশ্চয় ভুল - ত্রুটি হ'ব পাৰে । ইয়াৰ শুধৰণিৰ বাবে ফিতৰা নিৰ্ধাৰণ কৰা হৈছে ।