য়ুক্ৰেইন NATO (The North Atlantic Treaty Organization)ৰ সদস্য হ’ব বিচাৰে ৷ ৰাছিয়াই নিবিচাৰে য়ুক্ৰেন NATO ৰ সদস্য হওঁক ৷ NATO আমেৰিকা , ফান্স , ব্ৰিটেইন ইটালী ,পোলেণ্ড, ৰোমানিয়া ,এষ্ট’নিয়া আৰু কানাডাকে ধৰি প্ৰায় ত্ৰিশ খন ৰাষ্ট্ৰৰ এটা প্ৰশাসনিক গোট ৷ ইতিমধ্যে ৰাছিয়াৰ কেইবাখনো চুবুৰীয়া দেশ এষ্ট’নীয়া লাতৱিয়া NATO ৰ সদস্য হ’ল ৷
১৯১৭ চনৰ আগলৈকে য়ুক্ৰেইন আৰু ৰাছিয়া ৰাচিয়ান সাম্ৰাজ্যৰ (RUSSIAN EMPIRE) অন্তৰ্গত আছিল ৷ ১৯১৭ চনত Russian revolution ৰ পিছত ইউক্ৰেন স্বতন্ত্ৰ হয় ৷ কিন্তু য়ুক্ৰেইন তিনিবছৰো স্বাধীন হৈ নাথাকিল ৷ ১৯২০ চনত ইউক্ৰেন USSR (Union of Soviet Socialist Republics) লগত যুক্ত হয় ৷ ১৯৯১ চনত যেতিয়া USSR ভাগ ভাগ হয় তেতিয়া ১৫ খন নতুন দেশৰ সৃষ্টি হয় ৷ তাৰ ভিতৰত য়ুক্ৰেইনো আছিল এখন ৷ প্ৰকৃত অৰ্থত য়ুক্ৰেইন স্বাধীন হয় ১৯৯১ চনত৷ নিজৰ স্বতন্ত্ৰতা সুনিস্বিত কৰিবলৈ ইউক্ৰেন NATO ৰ লগত যুক্ত হ’ব বিচাৰে ৷ য়ুক্ৰেইন ৰাচিয়াৰ হাতোৱাৰ পৰা ওলাবলৈ NATO ত জইন কৰিবলৈ বিচাৰে ৷
প্ৰতিখন ৰাষ্ট্ৰৰে নিজৰ স্বাৰ্থ আছে ৷ ৰাছিয়াৰ ভয় য়ুক্ৰেইন NAATO ত জইন কৰি NAATO ৰ সদস্য ৰাস্ট্ৰৰ সমৰ্থনত শক্তিশালী হ’লে ৰাছিয়াৰ কাৰণে ভাবুকি হ’ব ৷ ৰাছিয়াই বিচাৰে ইউক্ৰেন ৰাছিয়াৰ অন্তৰ্গত হওঁক ৷ ৰূছ বিপ্লৱী , USSR প্ৰতিষ্ঠাপক ব্লাদিমীৰ_লেনিনে কৈছিল “ য়ুক্ৰেইনক হেৰুৱা মানে শৰীৰৰ পৰা মূৰ পৃথক কৰা নিছিনা ৷ " গতিকে ৰাছিয়াই কোনোমতে য়ুক্ৰেইনক NAATO ৰ সদস্য হ’বলৈ নিদিয়ে ৷ ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰিলে ৷ য়ুক্ৰেইনৰ সকলোৰ ফালৰ পৰাই ৰাছিয়াতকৈ দুৰ্বল ৷ সৈনিকৰ সংখ্য ,অস্ত্ৰ সস্ত্ৰৰ সংখ্যাও কম ৷ তথাপিও য়ুক্ৰেইন পিছ হুহকি যোৱা নাই ৷ কিমান সৈনিকৰ মৃত্যু হৈছে ৷ হাজাৰ বিজাৰ ৷ ৰূছ সৈনিকৰ পথ ৰূদ্ধ কৰিবলৈ দলংৰ সৈতে আত্মঘাটি বোমাত উৰি গৈছে ডেকা জোৱানৰ দেহ ৷ কালি এটা ভিডিঅত দেখিলো নিজৰ মৰমৰ ঘৰখন এৰি জীৱন বচাবলৈ সুৰক্ষিত স্থানলৈ যাবলৈ ওলোৱাৰ মুহূৰ্তত কণমানি এজনীয়ে দেউতাকক সাবটি ধৰি কান্দিছে ৷ নাজানে তেওঁলোকে সেই বিদায়ে শেষ বিদায়ো হ’ব পাৰে ৷ কিয়নো তেওঁলোকৰ জীৱন এতিয়া অনিশ্চিত ৷ কি যে হৃদয়বিদাৰক সেই দৃশ্যবোৰ ৷ কোন মুহূৰ্তত মিচাইল বা গুলী বাৰুদৰ সন্মুখত ধলী পৰিব সাধাৰণ নাগৰিকৰ দেহ ৷ কালি দেখা পালো এপাৰ্টমেণ্টতো মিচাইলৰ আক্ৰমণ ৷ কিমান নিৰপৰাধী মানুহৰ মৃত্যু হৈছে ৷ য়ুক্ৰেইনে সাধাৰণ নাগৰিকৰ হাততো অস্ত্ৰ তুলি দিছে ৷ বহুলোকে নিজৰ ঘৰ এৰি জীৱন বচোৱাৰ দৌৰত দৌৰিছে ৷ য়ুক্ৰেইনত আৱদ্ধ হৈ আছে বহু ভাৰতৰ চাত্ৰ চাত্ৰী ৷ সকলো ৰাষ্ট্ৰই নিজৰ স্বাৰ্থ অনুসৰি কাম কৰিছে ৷ ৰাছিয়াক চিনে সমৰ্থন জনাইছে ৷ য়ুক্ৰেইনক আমেৰিকা ব্ৰেটেইন আৰু NATO দেশ সমূহৰ পৰা সমৰ্থন পাইছে ৷ আমাৰ দেশ এই ক্ষেত্ৰত নীৰৱে আছে ইয়াৰো কাৰণ আছে ৷
এতিয়াও শীতল বিশ্ব যুদ্ধ হৈ আছে ৷ এনেকৈ ৰাষ্ট্ৰ সমূহ সম্পূৰ্ণ ৰূপে যুদ্ধত নামি পৰিলে তৃতীয় বিশ্ব যুদ্ধ আৱশ্যম্ভাৱী ৷ কিন্তু যুদ্ধই কি দিব ? কেৱল ধ্বংস আৰু ধ্বংস ৷ এই ধ্বংস যজ্ঞৰ অৱসান হ’বনে ? ফিৰিঙতিত খাণ্ডৱ দাহ নহওঁক ৷