মহা_মেডিচিন_নেমু_টেঙাৰ_বাকলি:-
স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত নেমু টেঙা আৰু ইয়াৰ বাকলিৰ গুণাগুণ যথেষ্ঠ। নেমুৰ বাকলিত আছে প্ৰচুৰ উপকাৰী উপাদান। কোৱা হয়, নেমুৰ ৰসতকৈ বাকলিত ৫-১০ গুণ বেছি ভিটামিন আছে।
নেমু টেঙাৰ বাকলিৰ উপকাৰীতা:-
১. ওজন_কমে:-
‘পেকটিন’ নামৰ এটি উপাদান প্রচুৰ মাত্ৰাত থকা বাবে ওজন কমাৰ প্রক্রিয়া ত্বৰান্বিত হয়। কাৰণ এই উপাদানটি শৰীৰত থকা অতিৰিক্ত চর্বি কোমোৱাত বিশেষ ভাৱে সাহায্য কৰে।
২. কেঞ্চাৰ_দূৰত_ৰাখে:-
নেমুৰ বাকলিত উপস্থিত 'শ্বেয়ালভেষ্ট্ৰল কিউ ৪০’ আৰু ‘লিমোনেন্স’ নামে দুটি উপাদান কেঞ্চাৰ চেল ধ্বংস কৰাত বিশেষ ভূমিকা পালন কৰি থাকে। ফলত নিয়মিত নেমুৰ বাকলি খালে শৰীৰৰ ভিতৰত কেঞ্চাৰ চেল জন্ম হোৱাৰ কোনো সম্ভাৱনাই নাথাকে। নেমুৰ বাকলি খোৱা মাত্ৰেই বেকটেৰিয়াল আৰু ফাঙ্গাল ইনফেকচনত আক্রান্ত হোৱাৰ আশঙ্কাও হ্রাস পায়।
৩. ষ্ট্ৰেছ_কমায়:-
নেমুৰ বাকলিত থকা ছাইট্রাচ বায়ো-ফ্লেভোনয়েড শৰীৰৰ ভিতৰত যোৱাৰ পিছতেই অক্সিডেটিভ ষ্ট্ৰেছ কমিবলৈ আৰম্ভ কৰে। ফলত সার্বিকভাৱে মন, মস্তিষ্ক আৰু শৰীৰ একদম চাঙ্গা/প্ৰফুল্লিত হৈ উঠে। সেয়ে যেতিয়াই দেখিব শৰীৰ আৰু গতিশীল হ'ব খোজা নাই, তেতিয়াই অকণমান নেমুৰ বাকলি পোটককৈ খাই দিয়ক। দ্ৰুত উপকাৰ পাব।
৪. মুখ_গহ্বৰত_ৰোগৰ_প্রকোপ_কমে:-
ভিটামিন চি'ৰ নাটনি হ'লে মুখ গহ্বৰ সংক্রান্ত একাধিক ৰোগৰ প্রকোপ বৃদ্ধি পায়। সেইবাবে নিয়মিত নেমুৰ বাকলি খোৱাৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞ সকলে। কাৰণ ইয়াত উপস্থিত ভিটামিন চি আৰু চাইট্রিক এচিডে দাঁতৰ মাৰীৰ পৰা তেজ ওলোৱা, জিঞ্জিভাইটিস সহ একাধিক ৰোগৰ প্রকোপ কোমোৱাত বিশেষ ভূমিকা পালন কৰি থাকে।
৫. হাড়_মজবুত_হয়:-
প্রচুৰ মাত্রাত ভিটামিন চি আৰু কেলচিয়াম থকা বাবে নেমুৰ বাকলি খালে লাহে লাহে হাড়ৰ স্বাস্থ্যৰ উন্নতি হ'বলৈ আৰম্ভ কৰে। একেলগে ইনফ্লেমেটৰি পলি আৰথ্ৰাইটিচ, অষ্টীওপৰোচিচ আৰু ৰিউমাটয়েড আথ্রাইটিচৰ নিচিনা ৰোগত আক্রান্ত হোৱাৰ আশঙ্কাও হ্রাস পায়।
৬. হার্ট_ভালে_ৰাখে:-
নেমু টেঙাৰ বাকলিত আছে ‘পলিফেনল’ নামে এটি উপাদান। যি শৰীৰত বেয়া কলেষ্টৰলৰ মাত্রা কমায়। অন্যফালে ইয়াত থকা পটাচিয়াম ব্লাড প্রেচাৰক নিয়ন্ত্রণত ৰাখে। ফলত স্বাভাবিকভাৱেই হার্টৰ ৰোগত আক্রান্ত হোৱাৰ আশঙ্কা কমে। সেই কাৰণে যাৰ পৰিয়ালত কলেষ্টৰল, উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ ইতিহাস বিদ্যমান, তেওঁলোকৰ ডায়েটত নেমুৰ বাকলি খুৱেই জৰুৰী।
৭. চেলাদত_চবজিত_নেমু_ঘ্রাণ:-
স্বাস্থ্য সচেতন মানুহৰ ডায়েটত চেলাদ আৰু বয়েল চবজি থাকে। তাত অকণমান নেমুৰ বাকলি মিহিকৈ কাটি দিলে খাদ্যত নেমু টেঙাৰ সুঘ্রাণ পোৱা যায়। খাদ্যত সোৱাদও বাঢ়িব।
(সংগৃহীত)
~আনোৱাৰ এইচ সোনাৰ।