Type Here to Get Search Results !

কলপাতৰ ব্যৱহাৰিক গুণ

 


কলপাতৰ ব্যৱহাৰিক গুণ  

১। ইউৰোপ আৰু অন্যান্য উন্নত দেশত কলপাতৰ দ্বাৰা অনেক ৰোগৰ চিকিৎসা কৰা হয় । ফৰাচী চিকিৎসক সকলে আন্ত্রিক , গ্রহণী , অতিসাৰ , শোথ , যক্ষ্মা , প্রভৃতি ৰোগত কলপাতৰ ৰস খোৱাৰ নিৰ্দেশ দিয়ে ।

 ২। শৰীৰৰ কোনো অঙ্গত কাটিলে , চৰ্মৰোগ হলে , সেই ঠাইত কলপাতৰ ৰস লগালে ভাল ফল পোৱা যায় । 

৩ । চৰ্দি জমা , প্লুৰিচি , ব্রংকাইটিচ , নেফ্রাইটিচ , ৰক্তক্ষৰণ , কাহ , থুৰ সৈতে তেজ ওলোৱা ইত্যাদি ৰোগত কলৰ ৰস খালে ভাল ফল পোৱা যায় ।

 ৪। বৰলে কামুৰিলে , কাইটে বিন্ধিলে , সেই ঠাইত কলপাত বটি প্রলেপ দিলে উপকার . পোৱা যায় ।

 ৫। কলপাতৰ কেলচিয়াম , ভিটামিন এ , ভিটামিন চি , চাইট্রিক এচিড , কেৰোটিন আৰু টেনিন গুণ , আছে ।

 ৬। কলফুল , কাঁচকল , থোৰ বা পচলা উত্তম খাদ্য ।পিছে থোৰ যেনেদৰে উচ্চ ৰক্তচাপৰ কাৰণে উপকাৰী , তেনেদৰে বেচি কলফুল আৰু কাঁচকল খালে কিডনিত পাথৰ হব পাৰে ।