অজান সুৰ এটি হৈ গুছি গ’ল,
মই মাথো নিৰ্বিকাৰ হৈ চাই ৰ’লো !!
নিৰ্যাহ বেলিটোলৈ...
এয়া সময়,
মোৰ কাষত বহি লৈ প্ৰায়ে সুখ, দুখৰ, কথা পাতে, নৈখনৰ পাৰে পাৰে আমি বহুদূৰ একেলগে খোজ কাঢ়ো, একাত্ম হওঁ জীৱনৰ স’তে.......
চাওতে চাওতেই দিনবোৰ গুছি যায় দূৰ দিগন্তলৈ আৰু আমিবোৰে মাথো সাক্ষী হৈ ৰওঁ সোঁৱৰণিৰ সৰাপাতত ৰৈ যোৱা সময়ৰ।
ঠিক একোখন কেলেণ্ডাৰৰ দৰেই। মাথো সলনি হয় দিন, সপ্তাহ, মাহ পৃষ্ঠাই পৃষ্ঠাই মূৰ্ত সময়ৰ ছবি যেন এখন উকা কেনভাছত অপেক্ষাৰত এটি ব্যাকুল সপোন। তথাপি, কিয় জানো মোৰ মনটোৱে অহৰ্নিশে বিচাৰি ফুৰে এখন মুকলি আকাশ, য’ত মোৰ কণমানি সপোনবোৰে নিস্বাৰ্থভাবে উশাহ ল’ব পাৰে । সঁচাকৈয়ে হেঁপাহবোৰেই হৈছে জীৱনৰ এটি এটি ৰং কঢ়িয়াই লৈ ফুৰে আমাৰ আশা আকাংক্ষা আৰু সেউজীয়া সপোনবোৰ !
সময়ৰ এটি পৰিধিত সু্খ দুখ, হাঁহি, কান্দোন
প্ৰতিবাৰেই দি থৈ যায় ,
প্ৰাপ্তি অ-প্ৰাপ্তিৰ বেষ্টনিত সাঁচি ৰখা
কিছু মধুৰ স্মৃতি
জীৱন হৈছে বিভিন্ন ৰঙৰে সমৃদ্ধ, এই ৰংবোৰে মানুহক লৈ যায় কিছুমান বিশেষ মুহূৰ্তৰ সমষ্টিলৈ, ধূলি ধূসৰিত স্মৃতিবোৰ হয়তো এতিয়াও সজীৱ হৈ আছে সকলোৰে। বহুতৰেই ডায়েৰীৰ পৃষ্ঠাত লিখি ৰখা হৈছে বছৰটোৰ এৰি থৈ অহা বহুৰঙী দিনবোৰৰ কথা ! !
উপসংহাৰ:-
জীৱনৰ ব্যাখ্যা মই এতিয়াও দিব পৰা হোৱা নাই !!
কিয়নো,
জীৱন এখনি বোঁৱতী নদীৰ দৰে, যি বৈ যায় অবিৰত ভাৱে কেৱল দি থৈ যায় সময়ৰ এটি চিনাকি নাম।
তথাপি
জীৱন গঢ়াৰ বাটত লোৱা সংকল্পবোৰ, কিমানদূৰ আগুৱাই লৈ যাব পাৰিম নাজানো, মাথো
চেষ্টা অব্যাহত ৰাখিম।