How To Write Land Agreement Paper In Assamese দলিল লিখাৰ নিয়ম |
মাটিৰ দলিল কেনেকৈ লিখিব লাগে। বা মাটি বন্ধুকী চুক্তি পত্র লিখাৰ নিয়ম সমূহ। আশা কৰোঁ কথা সমূহ জানি আপোনালোকে উপকৃত হ’ব।
How To Write Land Agreement Paper In Assamese দলিল লিখাৰ নিয়ম |
মাটি বন্ধকী চুক্তি পত্র
বৰাবৰঃ- যিজনে বন্ধকী ল’ব, তাৰ তথ্য।
নাম_____। পিতাৰ নাম______। গাওঁ______। ডাকঘৰ_____। মৌজা______। পেচা_____। জিলা______। ( অসম )
লিখিতংঃ- যাৰ মাটি।
নাম_____। পিতাৰ নাম______। গাওঁ______। ডাকঘৰ_____। মৌজা______। পেচা_____। জিলা______। ( অসম )
আজি _____ ইং তাৰিখত মোৰ সাংহাৰক অসুবিধাৰ বাবে টকাৰ প্রয়োজন হোৱাত মোৰ নিজা নামত থকা ____ৰাজচ চক্রৰ নাম____ ৰাজচ চক্রৰ অন্তৰ্গত গাওঁ____ মৌজা____ৰ দাগ নং____ পাট্ৰা নং____ৰ ২ ( দুই ) বিঘা মাটি প্রতি বিঘাত ২০,০০০ ( বিশ হাজাৰ ) টকাকৈ মুঠ ৪০,০০০ ( চল্লিশ হাজাৰ ) টকা লগত বুজি পাই ওপৰত উল্লেখ কৰা বৰাবৰক বন্ধুকী চমজাই দিলো। উল্লেখ থাকে যে উক্ত মুঠ টকা ঘুৰাই নিদিয়ালৈকে উক্ত বৰাবৰে দখল ভোগ কৰি থাকিব আৰু মই বা মোৰ কোনো ওৱাৰিশে ওজৰ আপত্তি কৰিলে এই চুক্তি পত্রৰ বলে আইনৰ অগ্রাহ্য হ’ব।
আৰু উল্লেখ থাকে যে এই মাটি ইয়াৰ আগতে কাৰো ওচৰত বিক্রী, বন্ধুকী, বা দায়গ্রস্থ কৰি ৰখা নাই। এনেকুৱা কিবা প্রমাণিত হ’লে আইনত দণ্ডনীয় হম। এতদৰ্থে স্বজ্ঞানে সুস্থ শৰীৰে তলত উল্লেখ কৰা সাক্ষীৰ উপস্থিতিত চহী কৰি বন্ধুকী সম্পাদন কৰিলোঁ।
ইতি,
_____ মাটিৰ মালিকৰ চহী।
সাক্ষীঃ-
১/______।
২/______।