Type Here to Get Search Results !

তিতা কেৰেলাৰ ঔষধিয় গুণ ।



তিতা কেৰেলাৰ ঔষধিয় গুণ ।


অসমীয়া নাম: তিতা কেৰেলা


ইংৰাজী নাম: BITTER GOUR


বৈজ্ঞানিক নাম : MOMORDICA CHARANTIA


চমু পৰিচয়


তিতা কেৰেলা লতা জাতিয় গছ | ইয়াৰ পাত বোৰ দীঘল আৰু সৰল | পাত বিলাক কেবাটাও খণ্ডত বিভক্ত আৰু কাষ বিলাক কটা | পাতৰ গুৰিৰ পৰা পাক খাই থকা দীঘল সূতা ওলায় | ফুল বিলাক একলিঙ্গ আৰু ৰং হালধীয়া | তিতা কেৰেলা বিলাক কেচাতে সেউজীয়া কিন্তু পকিলে হালধীয়া ৰঙৰ হয় | তিতা কেৰেলা বিলাক ৫-১৫ ছে:মি: দীঘল হয় | খাবলৈ তিতা, পকিলে ভিতৰত বহুতো গুটি হ্য়, দেখিবলৈ চেপেটা আৰু প্ৰায় ১-২ ছে:মি: দীঘল হয় |


ঔষধিয় গুণ

তিতা কেৰেলা বা পাতৰ ৰস মৌৰসৰ লগত মিহলাই খালে লিভাৰৰ আৰু ব্ৰংকাইটিছ অসুখ ভাল হয়|

ডায়েবেটিছ অসুখ থকা ৰোগিয়ে কেৰেলা খোৱা অতি আৱশ্যক | তিতা কেৰেলাই ডায়েবেটিছ ৰোগ দবাই ৰখাত সহায় কৰে|

৫০-৬০ গ্ৰাম তিতা কেৰেলা ৰস একাপ পানীত মিহলাই খালে তেজ পৰিস্কাৰ হয়|

তিতা কেৰেলা খালে ৰোগ প্ৰতিৰোধ আৰু শৰীৰত শুক্তি বঢ়াই|

তিতা কেৰেলাই বহুমুত্ৰ আৰু ছালৰ অসুখ ভাল কৰে|

তিতা কেৰেলাৰ পৰা MAP-20 নামৰ এবিধ প্লোটিন পোৱা যায় যিটোয়ে HIV নাশ কৰে|