Type Here to Get Search Results !

পদিনাৰ ঔষধিয় গুণ

 পদিনাৰ ঔষধিয় গুণ।



অসমীয়া নাম: পদিনা/পদুনা/পদনা


ইংৰাজী: MINT/HORSE MINT/MINT MARSH


বৈজ্ঞানিক নাম: MENTHA ARVENSIS


পৰিয়াল: LAMIACEAE


চমু পৰিচয়


         পদিনা এবিধ চাপৰ লতা জাতীয় উদ্ভিদ | ইয়াৰ অসংখ্য শাখা প্ৰশাখা থাকে| ইয়াৰ পাত সৰল অভিমুখি, পাতৰ ঠাৰি নাই| পাতৰ কাষ কৰতৰ দৰে খাজ কটা, ওপৰৰ ভাগ মিহি আৰু তলৰ ভাগ গ্ৰন্হিযুক্ত, ফুল সৰু আৰু বেঙুনীয়া, সাধাৰনতে অলপ জেকা ঠাইত বেছি ভাল কৈ হয়| ই এবিধ সুগন্ধিযুক্ত উদ্ভিদ| পদিনা হিমালয়ৰ পাদদেশত, কাশ্মিৰ উপত্যকাত পদিনাৰ প্ৰচুৰ খেতি হয়| অসমৰ প্ৰায় বিলাক মানুহৰ ঘৰতে পদিনাৰ গছ দেখিবলৈ পোৱা যায়|

ঔষধিয় গুণ

হজমশক্তি হ্ৰাস হলে বা পেটৰ বিষ হ’লে, বদহজম হ’লে, সূতা পেলু আৰু পুৱা বমি বমি ভাৱ হ’লে পদিনাৰ ৰস ১ চামুচ, নেমুৰ ৰস ১ চামুচ আৰু আধা চামুচ মৌজোল মিহলাই দিনে ২ বাৰ কৈ খালে পেটৰ সকলো অসুখৰ পৰাই সুফল লাভ কৰে|

এজমা ব্ৰংকাইটিছ আৰু যক্ষ্মা ৰোগত ভোগা মানুহে ১ চামুচ পদিনাৰ ৰস, তাত সমপৰিমানৰ ভিনেগাৰ আৰু মৌজোল মিহলাই ১ চামুচ গাজৰৰ ৰসৰ লগত দিনে তিনি বাৰ কৈ খালে বেমাৰ বহুত উপসম পাব|

সজীৱ পদিনাৰ পাত কেইখিলামান নিতৌ চোবাই খালে এন্টিচেপটিকৰ কাম কৰে | পদিনাৰ পাতৰ পেস্ট কৰি দাঁত ঘঁহিলে দন্ত ক্ষ্য়, পায়োৰিয়া আৰু দাঁতৰ যি কোনো সমস্যা দুৰ কাৰিব পাৰি|

মানুহৰ প্ৰস্ৰাৱ হালধীয়া হলে পদিনাৰ ৰস খালে প্ৰস্ৰাৱ স্বাভাবিক হ্য়|

পদিনাই স্নায়ুবিক দুব্বলতা কমায়| আৰু স্মৰন শক্তি বৃদ্ধি কৰে|

পদিনা নিয়ামীয়াকৈ খালে চুলি অকাল পক্কটা প্ৰতিৰোধ হ্য়|