পতি-পত্নীৰ মাজত কাজিয়া হোৱাটো অতি স্বাভাৱিক।
পতি-পত্নীৰ মাজত কাজিয়া হোৱাটো অতি স্বাভাৱিক
পতি-পত্নীৰ মাজত কাজিয়া হোৱাটো অতি স্বাভাৱিক।কেতিয়াবা অলপ অতিৰিক্তও হৈ যায়।ঠিক এনেকুৱাই এদিনাখন পত্নীৰ সৈতে কাজি লাগি মদন ঘৰৰ পৰা ওলাই গৈ ওচৰৰে এখন চাহৰ দোকানত গৈ বহিল।কাষতে এজন বয়সীয়াল ব্যক্তি বহি আছিল।
বয়সীয়াল ব্যক্তি জনে মদনক কলে- এনেকুৱা ঠাণ্ডাত তুমি কেৱল এটা গেঞ্জি পিন্ধি! কিয় ওলাই আহিলা বোপা মদন?
মদন- আপুনিও দেখুন এটা চোলা পিন্ধিয়ে আছে খুড়া!
- মই অকলশৰীয়া মানুহ! মোৰ বাবে একো আহি নাযায়! তোমাক দেখি লাগিছে যেন তুমি বিবাহিত! হয়নে? এনেই সুধিলো আৰু!
-পত্নীৰ সদায় বকবকনি আৰু ভাল নালাগে খুড়া! সেয়ে খঙত ওলাই আহিছো।
- চোৱা বোপা মদন, মোৰ টকা পইচাৰ কোনো অভাৱ নাই। মোৰ ল'ৰাহত সকলোৱে নিজৰ কাম লৈ ব্যস্ত।ঘৰত কাম কৰা মানুহৰো অভাৱ নাই। কিন্তু এৰা! ঘৰত মনটোহে নবহে বুজিলা! আজি পাঁচ বছৰ হ'ল মোৰ পত্নী ঢুকোৱা।যিমান দিন জীয়াই আছিল সিমান দিন তাইৰ মূল্য বুজা নাছিলো। এতিয়া প্ৰতিটো মূহুৰ্ততে তাইৰ অনুপস্থিতিয়ে মনটোক উচুপি উচুপি কন্দুয়ায়। সেই সৰু সৰু কথাৰ খেলিমেলি,কাজিয়াৰ মাজতো তাইৰ যে মোৰ প্ৰতি কিমান ভালপোৱা অছিল সেয়া এতিয়া উপলব্দি কৰি আছো।
কথাষাৰ শুনি মদনৰ শৰীৰত ঠাণ্ডা লাগি গল।সি লৰালৰি কৈ ঘৰলৈ গৈ চালে যে তাৰ পত্নীয়ে চুয়েটাৰটো হাততলৈ গেটত থিয় হৈ আছে।
পত্নী- ইমান ঠাণ্ডাৰ মাজতো তুমি চুয়েটাৰ নিপিন্ধাকৈয়ে ওলাই গলা ?
মদন- তুমিও দেখুন ইমান ঠাণ্ডাৰ মাজতো কেৱল এখন শাৰি পিন্ধিয়ে আছা? এখন চাদৰো উৰাই লোৱা নাই গাত?
এই কাৰনেই মই গল্পৰ শেষত সকলোকে কও যে,দাঁত থাকোতে দাঁতৰ যত্ন লবলৈ শিকক।
ধন্যবাদ