পতি-পত্নীৰ সম্পৰ্ক
পতি-পত্নীৰ সম্পৰ্ক
এদিন মই মোৰ স্বামীক সুধিলো----
আমাৰ ঘৰৰ পুৰনি বস্তুবোৰৰ নিচিনা আমাৰ
দুয়োজনৰ সম্পর্কও কি পুৰনি হৈ গৈছে নেকি?
স্বামীয়ে মোৰ ফালে চাই কলে---
হঠাৎ তুমি এনেকুৱা প্রশ্ন কৰিছা যে?
চোৱা,এই মেখেলা-চাদৰখন ছয় মাহ আগতেই
কিনিছিলো।তেতিয়া চাদৰখন যিমান চিক মিকাই আছিল এতিয়া চোৱা ৰং নাইকিয়া হ'ল। চাদৰখনৰ মূল্য নাইকীয়া হ'ল। আচ্ছা আমাৰ সম্পর্কটো তেনেকুৱা হৈ গৈছে নেকি?মোৰ লগত পাঁচ বছৰ সংসাৰ কৰাৰ পিছত তোমাৰ কি অনুভৱ হল?
স্বামীয়ে মোলৈ চাই গহিন ভাৱে ক'লে
পতি-পত্নীৰ সম্পর্কটো হ'ল চকু আৰ হাতৰ নিচিনা।
চকু-হাতৰ নিচিনা মানে !সেইয়া আকৌ কি ?সম্পৰ্ক এটা চকু আৰু হাতৰ লগত তুলনা কৰিব পাৰি নেকি?
স্বামীয়ে মোৰ হাত দুখন ধৰি কলে
আমাৰ দুয়োজনৰ এজনৰ হাত অকন মান কাটিলে চকুৰ পৰা অশ্রু নিগৰি থাকে, আৰু এই হাতেৰে চকুৰ অশ্ৰু মোহাৰি পেলাওঁ।এটাক এৰি আনটো যেনেকৈ মুল্যহীন। তুমি আৰু মইয়ো ঠিক তেনেকুৱা।আমি এটাক এৰি আনটো কেতিয়াওঁ সম্পূৰ্ণ হ'ব নোৱাৰো। চকুত কূটা এডাল সোমালে হাতখনে বাৰে বাৰে চকুটো চুই থাকিব বিচাৰে ।এনে লাগে যেন চকুৰ সকলো যন্ত্ৰনাএই হাতখনে ল'ব। ঠিক আমাৰ সম্পৰ্কটো তেনেকুৱা তুমি দুখত থাকিলে ময়ো দুখত থাকো। তুমি সুখী হ'লে ময়ো সুখী। তোমাৰ চাদৰখনৰ এদিন মূল্য নাইকীয়া হ'ব কিন্তু সম্পৰ্ক যিমানেই পুৰণি হ'ব সিমানেই মিঠা হৈ পৰিব। কুঁহিয়াৰ ৰস নতুনতকৈ পুৰণা হ'লে বেছি কামত আহে। এতিয়া বুজিলা। মেখেলা-চাদৰৰ ৰঙৰ লগত পতি-পত্নীৰ সম্পৰ্কক কেতিয়াও তুলনা নকৰিবা। সদায় আমাৰ সম্পৰ্কটো হৰ-গৌৰীৰ দৰে হৈ থাকিব দিয়া।
স্বামীৰ কথাবোৰ শুনি কেৱল মই মুগ্ধ হৈ তেওঁৰ ফালে একেৰাহে চাই থাকিলো
হেৰা,কি চাই আছা?
আপোনাক চাই আছো। আজি কিবা এটা আপোনাক ভাল লাগিছে।
হয় নেকি?
আপোনাৰ দৰে স্বামী পাবলৈ এগৰাকী নাৰীৰ ভাগ্য লাগিব।
মই সংসাৰৰ দায়িত্ব আৰু কতব্যবোৰ হে পালন কৰি গৈ আছো। মোৰ মতে নাৰীক সন্মান কৰিব লাগে। পত্নীক মৰমৰ মাজত সদায় ৰাখিব লাগে।মাক শ্ৰদ্ধা ভক্তি কৰিব লাগে। তুমি বিচৰা ধৰনে মই তোমাক সুখী কৰিব পাৰিছোনে?
মই স্বামীক গালত এটা মিঠা চুমা দি ক'লো
মই বিচৰাতকৈ অধিক আপুনি সুখী কৰিছে। আপোনাক লৈ মই সুখী।আমাৰ সম্পৰ্ক সদায় চকু আৰু হাতৰ দৰে হৈ থাকিব ।