Type Here to Get Search Results !

Stomach ulcer মানে হ'ল "পাকস্থলীত হোৱা ঘাঁ । আচলতে পাকস্থলীৰ আল্‌চাৰ্‌ হয় কিয় ? .....পাকস্থলীৰ আল্‌চাৰ্‌ দুই ধৰণৰ হয়, এটা হল পাকস্থলীত হোৱা আল্‌চাৰ ( ulcer ) , যাক কোৱা হয় " Gastric Ulcer " , আৰু আন এটা হ'ল পাকস্থলীতকৈ অকনমান আগত Duodenal অংশত হোৱা আল্‌চাৰ যাক কোৱা হয় " Duodenal Ulcer " ।

 


পেটৰ আল্‌চাৰ বুলিলেই ভয় নাখাব। আচলতে পাকস্থলীৰ আল্‌চাৰ মানে কি , পঢ়ি চাব ) .....তীব্ৰ পেটৰ বিষ,ভোক নলগা, বমি বমি ভাব আদি সমস্যাত ভুগা বহুতো লোকৰে বিভান্ন পৰীক্ষা - নিৰীক্ষাৰ পিছত পেটত ,অৰ্থাত পাকস্থলীত আল্‌চাৰ্‌ ( ulcer ) ধৰা পৰে।  আল্‌চাৰ্‌  মানে হল ঘা , অৰ্থাত " Stomach ulcer ", মানে হ'ল "পাকস্থলীত হোৱা ঘাঁ । আমাৰ সকলোৰে এটা সাধাৰণ ধাৰণা থাকে যে যেতিয়াই পেটৰ ভিতৰত গেছ বা এচিড্‌ৰ মাত্ৰা বহুত বেছি হৈ যায় বা যেতিয়াই গেষ্ট্ৰিকৰ সমস্যা পুৰণা হৈ যায়, তেতিয়াই আমি ulcer ৰ সমস্যাত ভুগো। কিছুমান পাকস্থলীৰ আল্‌চাৰ্‌ত ভুগা লোক emergency অৱস্থাতো আহা দেখা যায়।


আচলতে পাকস্থলীৰ আল্‌চাৰ্‌  হয় কি ? .....পাকস্থলীৰ আল্‌চাৰ্‌ দুই ধৰণৰ হয়, এটা হল পাকস্থলীত হোৱা আল্‌চাৰ ( ulcer ) , যাক কোৱা হয় " Gastric Ulcer " , আৰু আন এটা হ'ল পাকস্থলীতকৈ অকনমান আগত Duodenal অংশত হোৱা আল্‌চাৰ যাক কোৱা হয় " Duodenal Ulcer " । মন কৰিব কেচুঁৱা এটায়ো যদি মাকৰ গাখীৰ খায় বমি কৰে তেতিয়াহলে সেই গাখীৰ ফটাৰ দৰে ওলায় আহে। কাৰণ প্ৰকৃতিয়ে আমাক সকলোকে পাকস্থলীৰ ভিতৰত এচিড দিয়ে  যি আমাৰ খাদ্য হজম হোৱাত সহায় কৰে। লগতে এই এচিডে যাতে পাকস্থলীৰ বেৰবোৰৰ একো ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে পাকস্থলীৰ বেৰৰ ওপৰত mucus ৰ এক প্ৰলেপ থাকে যি পাকস্থলীৰ ভিতৰৰ বেৰক এচিডৰ পৰা ৰক্ষা কৰে। কিন্তু কিবা কাৰণে যদি এচিডৰ পৰিমাণ বাঢ়ি যায় বা ভিতৰৰ এই mucus ৰ layer ধ্বংস হয় তেতিয়া হলে পাকস্থলীৰ আল্‌চাৰ্‌ৰ সৃষ্টি হয়। কাৰণ এচিডে পাকস্থলীৰ বেৰ hit কৰিব।


এতিয়া জানো আহক পাকস্থলীৰ আল্‌চাৰ্‌ ৰ প্ৰধান কাৰণনো কি ?..


(১) প্ৰথমেই আমি জানো যে অত্যাধিক মছলা, ভজা পোৰা বস্তু খোৱা আৰু অত্যাধিক মানসিক চাপ বা stress লোৱাৰ বাবে এচিড বেছি হৈ পাকস্থলীৰ আল্‌চাৰ্‌ৰ সৃষ্টি হ'ব পাৰে। 


(২)  ইয়াৰ উপৰিও পাকস্থলীৰ আল্‌চাৰ্‌ ৰ মুখ্য কাৰণ হল Helico bacter নামৰ এবিধ বেক্টেৰীয়াৰ infection.


(৩) যিবোৰ মানুহে প্ৰায়ে যিকোনো বিষৰ বাবে pain killer , NSAID সঘনাই ব্যৱহাৰ কৰে, তেওঁলোকৰ পাকস্থলীৰ আল্‌চাৰ্‌ হোৱাৰ সম্ভাৱনা থাকে কাৰণ এই ঔষধে পেটৰ ভিতৰত এচিডৰ মাত্ৰা বৃদ্ধি কৰে আৰু লগতে পাকস্থলীৰ ভিতৰৰ  mucus layer ও ধ্বংস কৰে।


(৪)  বিভিন্ন Blood thinner , osteoporosis ৰ ঔষধ , steroid medicine আদি বহুত দিনৰ পৰা লৈ থকা লোকৰো পাকস্থলীৰ আল্‌চাৰ্‌ হোৱাৰ সম্ভাৱনা থাকে।


পাকস্থলীৰ আল্‌চাৰ্‌ৰ প্ৰধান লক্ষণ সমুহ কি কি ? ..... 


(১)  পেটৰ জলা -পোৰা , নাভিৰ পৰা ওপৰলৈ


(২)   পেটৰ ওপৰফালে বিষ,। এনে বিষ কেইমিনিট মানৰ বাবেও হব পাৰে বা কেই ঘন্টা মানৰ বাবেও হ'ব পাৰে। কিবা খালেও হ'ব পাৰে বা খালী পেটতো হ'ব পাৰে। পেটৰ বিষত ৰাতি শুৱাৰ পিছতো সাৰ পাব পাৰে।

মনত ৰাখিব যদিহে Gastric ulcer আছে তেতিয়াহলে কিবা খোৱাৰ পিছত পেটত বিষ অনুভৱ কৰিব। আৰু যদিহে " Duodenal Ulcer " আছে , তেতিয়াহলে খালী পেটত বিষ আহিব আৰু কিবা খাই দিলেই বিষ ক'মি যাব। কাৰণ খালী পেটত যেতিয়া খোৱা খাদ্য পেটত নোহোৱা হৈ যায়, পেটৰ এছিডে ulcer বা  ঘাঁক hit কৰিবলৈ লয়।


(৩)  পেট গধুৰ, উগাৰ


(৪)   কেতিয়াবা বমিৰ ভাব


(৫)    খাব মন নোযোৱা , ওজন হ্ৰাস


(৬)      অ'তি emergency condition ত Bleeding, তেজ বমি।


পাকস্থলীৰ আল্‌চাৰ্‌ৰ চিকিৎসা .....


(১) পাকস্থলীৰ আল্‌চাৰ্‌ৰ চিকিৎসাত প্ৰথম অৱস্থাত Antacid gel দিয়া হয়, যি পেটত acid ( এচিড ) ক'মাই আল্‌চাৰ  নিজে নিজে শুকোৱাত সহায় কৰে।


(২)   Helicobacter bacteria ৰ infection ৰ বাবে বিভিন্ন antibiotics


(৩)    PPI medicine যি ulcer heal হোৱাত সহায় কৰে।


(৪)     Coating agent , যি পাকস্থলীৰ mucus layer ৰক্ষা কৰে এচিডৰ পৰা।


পাকস্থলীৰ আল্‌চাৰ্‌ৰ পৰা ৰক্ষা পাবলৈ খাদ্যৰ তালিকাত spicy food ক'ম কৰক আৰু সেউজীয়া শাক-পাচলিৰ পৰিমাণ বঢ়াই দিয়ক, লগতে মানসিক চাপৰ পৰা আতঁৰত থাকক, alcohol, গুটকা, ধপাত বৰ্জন কৰক। কামৰ শেষত যথেষ্ট rest লওঁক। দেনিক  exercise, yoga , mediation কিবা এটা কৰক। এনেবোৰ অভ্যাসে আপোনাৰ পাকস্থলী সুস্থ - সবল কৰি ৰাখিব।